♦ ৰাজ্যপাল-মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব অনুষ্ঠানত

গোৰেশ্বৰঃ ৰাষ্ট্ৰীয় পৰিৱেশ্য কলা পৰিষদৰ উদ্যোগত তক্ষশীলা অসমৰ গোৰেশ্বৰ শাখাৰ সহযোগত বাগসা জিলাৰ গোৰেশ্বৰত অনুষ্ঠিত হ'ব সদৌ ভাৰত বহুভাষীয় নাটক, লোক- শাস্ত্ৰীয় নৃত্য প্ৰতিযোগিতা আৰু সন্মান প্ৰদান মহোৎসৱ "সমন্বয় ২০১৯"।

অহা ৫ , ৬ , ৭ আৰু ৮ জানুৱাৰীত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোৰেশ্বৰ মহাবিদ্যালয়ত  আয়োজন হ'বলগীয়া অনুষ্ঠানটোৰ উদ্যোক্তাসকলে বৃহস্পতিবাৰে এক সংবাদ মেলৰ জৰিয়তে কাৰ্যসূচীসমূহ ঘোষণা কৰে।

গোৰেশ্বৰত নাট্য আৰু নৃত্য আদি সাংস্কৃতিক চিন্তা চৰ্চা অব্যাহত থকা হেতুকে অঞ্চলটোৰ সাংস্কৃতিক কৰ্মীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে গোৰেশ্বৰত এই  মহোৎসৱৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তা সকলে জানিব দিয়ে। লগতে হেৰাই যাবলৈ ধৰা  লোক আৰু শাস্ত্ৰীয় নৃত্যসমূহকো পুনৰ উদ্ধাৰৰ জৰিয়তে আগবঢ়াই নিয়াৰ উদ্দেশ্যে লোক আৰু শাস্ত্ৰীয়  নৃত্য  প্ৰতিযোগিতাৰো  আয়োজন কৰা হৈছে।

অভ্যৰ্থনা সমিতিয়ে জানিব দিয়া মতে  ভাৰত বৰ্ষৰ মুঠ ২৫ খন ৰাজ্যৰ ২৫ নাট্যদল আৰু ৩০ টা শাস্ত্ৰীয় আৰু লোকনৃত্যৰ  দলে অংশগ্ৰহণ কৰিব। ইপিনে  গোৰেশ্বৰৰ নাটক, সাহিত্য আৰু লোকনৃত্যৰ ক্ষেত্ৰত অবদান আগবঢ়োৱা ২৫ জন বিশিষ্ট ব্যক্তিক ৰাজ্যপালৰ উপস্থিতিতি সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব।

আনহাতে দেশৰ ১৫ গৰাকী বিশিষ্ট শিল্পীক এই অনুষ্ঠানতে সন্মান প্ৰদান কৰা হ'ব। ইপিনে বাংলাদেশৰ এটি নাট্য দলেও অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। মুখ্য কাৰ্যসূচীসমূহৰ ভিতৰত ৪ জানুৱাৰীত শিবিৰ উন্মোচন আৰু খাদ্য-দ্বাৰ মুকলি কৰা হ'ব।৫ জানুৱাৰীত ৰাষ্ট্ৰীয় পৰিৱেশ্য কলা পৰিষদৰ পতাকা উত্তোলন কৰিব পৰিষদৰ সভাপতি নাট্যগুৰু গিৰিৰাজ জামিনীয়ে।

তক্ষশীলাৰ পতাকা উত্তোলন কৰিব ভাৰপ্ৰাপ্ত সভানেত্ৰী কুন্তলা ডেকাই। স্মৃতি তৰ্পণ কৰিব গোৰেশ্বৰ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ যাদৱ গোস্বামীয়ে। সন্ধিয়া ৭ বজাত নাট প্ৰতিযোগিতা আৰু সন্মান প্ৰদান অনুষ্ঠানৰ উদ্ধোধন কৰিব ই এম মহেশ্বৰ বসুমতাৰীয়ে। 

৬ জানুৱাৰীত পুৱা ১০ বজাত বিশিষ্ট ব্যক্তিৰ সম্বৰ্ধনা অনুষ্ঠানৰ সঞ্চলনা কৰিব ৰাষ্ট্ৰীয় পৰিৱেশ্য কলা পৰিষদৰ সম্পাদিকা পখিলা কলিতাই। মুখ্য অতিথি হিচাপে  অসমৰ ৰাজ্যপাল ডঃ জগদীশ মুখী আৰু বিশিষ্ট অতিথি হিচাপে বিধায়ক ইমানুৱেল মুছাহাৰী উপস্থিত থাকিব।

১১ বজাত নৃত্য প্ৰতিযোগিতাৰ উদ্ধোধন কৰিব বটদ্ৰবা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই। সন্ধিয়া ৫ বজাত নাট প্ৰতিযোগিতা আৰু সন্মান প্ৰদান অনুষ্ঠান। মঞ্চ উদ্ধোধন কৰিব পঞ্চায়ত আৰু গ্ৰামোন্নয় আৰু সাংস্কৃতিক মন্ত্ৰী নৱ দলেই। ৭ জানুৱাৰীত পুৱা ১০ বজাত নৃত্য প্ৰতিযোগিতা উদ্ধোধন কৰিব জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীয়ে। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব সাংস্কৃতিক সঞ্চালকালয়ৰ বৰ্ণালী শৰ্মা আৰু বিশিষ্ট ব্যৱসায়ী আব্দুল চামাদ চৌধুৰী।

সন্ধিয়া ৫ বজাত নাট আৰু সন্মান প্ৰদান অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰিব বাগসা জিলা উপায়ুক্ত সঞ্জীৱ গগৈয়ে, মঞ্চ উদ্ধোধন কৰিব বি টি চিৰ ই এম জগদীশ সৰকাৰে। 

৮ জানুৱাৰীত সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব বিশিষ্ট অভিনেত্ৰী চেতনা দাসে। 
১ বজাত বঁটা বিতৰণী সভাৰ সভাপতিত্ব কৰিব জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই। সভা উদ্ধোধন কৰিব সাংসদ বিশ্বজিৎ দৈমাৰীয়ে। মুখ্য অতিথি হিচাপে  ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিশিষ্ট অতিথি হিচাপে বি টি চি চীফ হাগ্ৰামা মহিলাৰীৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে সাংসদ ৰমেন ডেকা, ই এম লৌমশ্ৰাও দৈমাৰী উপস্থিত থাকিব। স্মৰণিকা উন্মোচন কৰিব চলচ্চিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ যতীন বৰাই।