
লিডুঃ আজি মোলাং খামটি মন্দিৰৰ প্ৰসিদ্ধ বৌদ্ধ ভিক্ষু ইউ গুণাৱন্ত মহাথেৰৰ অন্তিম শেষকৃত অনুষ্ঠান সম্পন্ন হয়৷ হাজাৰ হাজাৰ ভক্তৰ লগতে অনুগামীৰ উপস্থিতিত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে প্ৰসিদ্ধ বৌদ্ধ ধৰ্মগুৰুগৰাকীৰ শেষকৃত সম্পন্ন কৰা হয়৷ ২০ ডিচেম্বৰৰপৰা তিনিদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে বৌদ্ধ ভিক্ষুগৰাকীৰ ধৰ্মীয় অন্তোষ্টিক্ৰিয়া ”পয় লেং”ৰ আজি সফল পৰিসমাপ্তি ঘটিল৷
অসমৰ পূব প্ৰান্তৰৰ তিনিচুকীয়া জিলাৰ লিডু মোলাং খামটি গাঁৱত কেইবাদশক জুৰি বসবাস কৰাৰ লগতে সমগ্ৰ দেশখনতে মৈত্ৰী, ভাতৃত্ববোধ আৰু অহিংসাৰ বাণীৰে জনসাধাৰনৰ মন জয় কৰা মহাগুৰু ইউ গুণাৱন্ত মহাথেৰ অৱশেষত বৈকুন্ঠ ধামলৈ গতি কৰিলে৷
যোৱা ১০ নৱেম্বৰৰপৰা কফিনত আৱদ্ধ হৈ থকা গুৰুজনাৰ নশ্বৰ দেহটি আজি অন্তিম সৎকাৰ কৰা হয়৷ সহস্ৰ গুনমুগ্ধই অশ্ৰসিক্ত নয়নেৰে প্ৰসিদ্ধ বৌদ্ধ ধৰ্মগুৰুগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷
উল্লেখ্য যে গুৰুজনাৰ শেষকৃত্য অনুষ্ঠানটিত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলেৰ লগতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা ৷ তিনিচুকীয়া জিলা প্ৰশাসনৰ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে অশোক চক্ৰ সম্বলিত ৰাষ্ট্ৰীয় পতাকাৰে গুৰুজনাৰ নিথৰ দেহটিক আৱৰি তথা টোপধ্বনি দি মুখাগ্নি কৰা হয় বৌদ্ধ ভিক্ষু জুতিকা ভান্তেৰদ্বাৰা৷ অনুষ্ঠানটিত প্ৰায় ১০ হাজাৰৰো অধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে৷