গুৱাহাটীঃ অসমবাসীক কন্দুৱাই শনিবাৰে আকাশৰ তৰা হৈ পৰা কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰ পঞ্চভূতত বিলীন হৈ গ'ল। 

মাত্ৰ কেইটামান কলজয়ী গীতেৰে অসমীয়াক মন্ত্ৰমুগ্ধ কৰি ৰখা দীপালী বাইদেৱে ভৰা যৌৱনতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ অকলতে কণ্ঠস্বৰ হেৰুওৱাই নহয়, তেওঁ সমগ্ৰ জীৱন শয্যাশয়ী হৈ থাকিবলগীয়া হৈছিল। পতি তথা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ অপাৰ পৰিচৰ্যাত তেওঁ জীয়াই থাকিল ৭৭টা বসন্ত।

কালি গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা দীপালী বাইদেউৰ নশ্বৰ দেহ আজি বেলতলাস্থিত বাসগৃহৰপৰা পুষ্পসজ্জিত বাহনত প্ৰথমে আকাশ বাণী গুৱাহাটী কেন্দ্ৰলৈ নিয়া হয়। ইয়াৰ পাছতে ৰবীন্দ্ৰ ভৱন, সাহিত সভা ভৱন আৰু শ্বহীদ ন্যাস ভৱনলৈ লৈ যোৱা হয়। 

তাত শ শ গুনমুগ্ধই শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ মাজতে দীপালী বাইদেউৰ ভৰিৰ চিহ্ন সংৰক্ষণৰ ব্যৱস্থা লোৱা হয়।

অসমৰ নাইটেংগল হিচাপে পৰিচিত শিল্পীগৰাকীক বিয়লি নৱগ্ৰহ শ্মশানত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়। মুখাগ্নি কৰে ভতিজা পাৰ্থ বৰঠাকুৰ আৰু পতি নীলপৱন বৰুৱাই।