- মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী অভিভাৱক-শিক্ষকসমাজৰ

ডিজিটেল ডেক্সঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল তথা বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বিত্তীয় পৰিস্থিতি উন্নত হোৱাৰ লগতে শিক্ষা বিভাগটোত আমূল পৰিবৰ্তন হোৱাৰ কথা সময়ে সুবিধা পালেই ৰাইজক সোৱঁৰাই থকা দেখা যায় যদিও প্ৰকৃতাৰ্থত অসমৰ বিত্তীয় অৱস্থাৰ উন্নয়ন তথা শিক্ষা বিভাগত হোৱা আমূল পৰিবৰ্তনৰ ছবিখনক লৈ ৰাজ্যখনৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী, অভিভাৱক তথা শিক্ষক সমাজ বৰ্তমান সম্পূৰ্ণভাৱে সন্দিহান স্থিতিৰ মুখামুখি হ’বলগীয়া হৈছে ৷
এই সন্দিহানৰ মূল কাৰন হিচাপে এটা বিশেষ 'বঁটা'ৰ কথাকে ক’ব পাৰি৷ ৰাজ্য চৰকাৰে মেধাৱী শিক্ষাৰ্থীৰ বাবে ২০০৫ চনৰ পৰা প্ৰণয়ন কৰা এই বঁটাটোয়েই হৈছে ৰাজ্যখনৰ শিক্ষাৰ্থী, অভিভাৱক তথা শিক্ষক সমাজৰ সন্দিহান অৱস্থাৰ কাৰণ৷ স্মৰ্তব্য যে, অসমৰ প্ৰথমজন আই চি এছ তথা উপায়ুক্ত, অসমৰ অন্যতম পুৰোধা ব্যক্তি আনন্দৰাম বৰুৱাৰ নামত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীন মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক ২০০৫ চনৰ ১৪ ছেপ্তেম্বৰ তাৰিখে গুৱাহাটীৰ ঐতিহাসিক জৰ্জ ফিল্ডত তদান্তীন্তন মুখ্যমন্ত্ৰী তৰুন গগৈয়ে সমগ্ৰ অসমৰ সৰ্বমুঠ ১২,৭৫৬ গৰাকী বঁটা প্ৰাপক মেধাক কেন্দ্ৰীয় ভাৱে প্ৰদান কৰিছিল এই উদ্গণিমূলক বঁটা ৷ ইয়াৰে ১২,৬৪৯ গৰাকীয়ে কম্পিউটাৰ আৰু বাকীখিনিয়ে কম্পিউটাৰৰ মূল্য লাভ কৰিবলৈ সক্ষম হৈছিল ৷ এনেদৰে কংগ্ৰেছ চৰকাৰৰ শাসন কালত বছৰৰ পিছত বছৰ প্ৰথম পৰ্যায়ত ডেক্সট’প আৰু পিছলৈ লেপটপ কম্পিউটাৰ বঁটা হিচাপে প্ৰথম বিভাগত উৰ্ত্তীন ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিছিল ৷ পিছলৈ আনকি দ্বিতীয় বিভাগত উৰ্ত্তীন সকলকো প্ৰদান কৰা হৈছিল একোটিকৈ টেবলেট ৷ ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মাজত পঢ়াৰ প্ৰতি আগ্ৰহ তথা প্ৰতিযোগীতাৰ মনোভাৱ গঢ় লৈ উঠি প্ৰতি বছৰে ফলাফল উন্নত হৈছিল বুলি একাংশই মত পোষন কৰিছিল যদিও সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত অসমত বিজেপি শাসনাধিষ্ঠ ৰাজ্য চৰকাৰখনে দায়িত্বভাৰ লোৱাৰ পিছতে ব্যাপকভাৱে সংশোধন কৰা হয় এই বঁটাৰ নিয়ম ৷
চৰকাৰখনৰ তদানীন্তন শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনন্দৰাম বৰুৱা বঁটাৰ নামত খৰচ হোৱা বৃহৎ ধনৰ বোজা কমাবলৈকে বছৰ বছৰ ধৰি চলি থকা প্ৰথম বিভাগত উৰ্ত্তীন হোৱা ছাত্ৰ-ছাত্ৰীৰ পৰিবৰ্তে ৭৫ শতাংশ অৰ্থাৎ ষ্টাৰ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীয়েহে এই বঁটাৰ নামত লেপটপ লাভ কৰাৰ আদেশ জাৰী কৰে ৷ লগে লগে শিক্ষাৰ ক্ষেত্ৰখনত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হয় যদিও ৰাইজে বুজিবলৈ বাকী নাথাকিল যে চৰকাৰে ৰাজহ ৰাহিৰ উদ্দেশ্যৰেই পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ এই অভিলাসী আচনিখন সীমিত কৰি সংকোচিত কৰি তুলিলে ৷ কিন্তু বহু প্ৰতিক্ৰিয়া আৰু খেলিমেলিৰ পিছত ২০১৭ বৰ্ষত ৭৫ শতাংশ নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থীসকলে লেপটপ লাভ কৰিবলৈ সক্ষম হৈছিল যদিও আশ্চৰ্যজনকভাৱে ২০১৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাসূচী ঘোষনা হোৱাৰ পিছতো আজি পৰ্যন্ত বিগত বৰ্ষ অৰ্থাৎ ২০১৮ বৰ্ষত হাইস্কুল, হাইমাদ্ৰাছা আদি পৰীক্ষাত ষ্টাৰ নম্বৰ পাই উৰ্ত্তীন হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে লেপটপ পাম পাম বুলি বাট চাই থাকোঁতেই গ'ল, কিন্তু লেপটপ দিয়াৰ কোনো সঠিক তাৰিখ বৰ্তমানলৈকে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাৰ্চাযই ঘোষনা কৰিবলৈ সক্ষম নহ'ল ৷ উল্লেখ্য যে, অসম চৰকাৰৰ শিক্ষা বিভাগৰ জাননী অনুসৰিয়েই ২০১৮ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটাৰ বাবে যোগ্য ছাত্ৰ-ছাত্ৰীসকলে চলিত বৰ্ষৰ যোৱা ১৮ চেপ্তেম্বৰৰ পৰা ৫ আগষ্টৰ ভিতৰত অন'লাইনযোগে আবেদনো দাখিল কৰিবলগীয়া হৈছিল আৰু সেই সময়তে অচিৰেই লেপটপ প্ৰদানৰ তাৰিখ জিলাভিত্তিত ঘোষনা কৰা হব বুলি জাননীৰ জৰিয়তে কোৱা হৈছিল ৷
পিছে শিক্ষাবিভাগে কোৱাৰ দৰে বিভাগৰ ৱেবচাইটত বঁটা প্ৰদানৰ তাৰিখ চাই চাই বৰ্তমান একপ্ৰকাৰ হতাশ হবলগীয়া হৈছে বঁটা পাবলগীয়া মেধাসকল ৷ বিগত তৰুন গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দিনত বৃহৎসংখ্যক ছাত্ৰ-ছাত্ৰীক সামৰি সুচাৰুৰূপে চলি থকা অসমৰ চিৰ নমস্য ব্যক্তি আনন্দৰাম বৰুৱাৰ নামত উঠি অহা প্ৰজন্মক তথ্য-প্ৰযুক্তিৰ জ্ঞান বৃদ্ধিৰ জৰিয়তে প্ৰতিযোগীতামূলক বিশ্বৰ লগত ফেৰ মৰাৰ ক্ষেত্ৰত উদ্গনি দিবলৈ ৰাজ্য চৰকাৰে প্ৰনয়ন কৰা অভিলাসী আচঁনিখন ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সূচী ঘোষনাৰ পিছতো যে ২০১৮ বৰ্ষৰ লেপটপ প্ৰদানত পৰিকল্পনা আৰু উন্নয়ন তথা শিক্ষা বিভাগ ব্যৰ্থ হোৱাৰ একমাত্ৰ কাৰণ হিচাপে ৰাজ্য চৰকাৰৰ শোচনীয় বিত্তীয় পৰিস্থিতি তথা বিত্ত আৰু শিক্ষা বিভাগ লগতে কেবিনেট মন্ত্ৰীদ্বয় ড° হিমন্ত বিশ্ব শৰ্মা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মাজত ভিতৰি ভিতৰি চলি থকা অৰিয়ায়ৰিৰ তথা ব্যাপক অৰ্ন্তদন্দৰ ফলশ্ৰুতি বুলি ভু-ৰখা মহলে অভিহিত কৰিছে ৷ সেয়েহে অতি শীঘ্ৰে ২০১৮ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰি মেধাৱী শিক্ষাৰ্থীসকলে পাবলগীয়া লেপটপ প্ৰদান কৰাৰ যাবতীয় নিৰ্দেশনা আদি শিক্ষা তথা সংশ্লিষ্ট বিভাগক প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হস্তক্ষেপৰ দাবী জনাইছে অভিভাবক আৰু সচেতন মহলে ৷