লিডুঃ অসম-অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত নামদাং চাহ বাগিচাৰ পথত অসম আৰক্ষী আৰু সেনাৰ ৯ নং ৰাজ ৰাইফলছে অভিযান চলাই এন এছ চি এনৰ ইছাক মুইভা গোটৰ লগত জড়িত থকা সন্দেহত দুজন যুৱকক আটক কৰে ৷

ধৃত যুৱক দুজনৰ ঘৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামটকৰ ক্ৰমে কেনা পাংতক আৰু ৰবি কুমাৰ পাচোৱান বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

উল্লেখযোগ্য যে পুৱাই অসম আৰক্ষী আৰু সেনাৰ ৯ নং ৰাজ ৰাইফলছে যুটীয়াভাৱে অভিযান চলাই এ এছ ২৩ ই ৫৩৮৩ নম্বৰৰ এখন হিৰ হোণ্ডা গ্লেমাৰ মটৰ চাইকেলসহ ধৃত লিংকমেন দুজনক আটক কৰিবলৈ সক্ষম হয়।

আটক কৰা যুৱক দুজনৰপৰা টি এন টি শ্লেব, ছেফটি ফিউজ ,গান পাউডাৰ আৰু ৫০০ গ্ৰাম আৰ ডি এক্স উদ্ধাৰ কৰে বুলি আৰক্ষীয়ে দাবী কৰে।

বৰ্তমান ধৃত যুৱক দুজনক মাৰ্ঘেৰিটা আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে৷

যুৱক দুজনৰ ভাষ্য মতে তেওঁলোক কোনো উগ্ৰপন্থী গোটৰ সদস্য নহয়। সেনা-আৰক্ষীয়ে তেওঁলোকক আটক কৰি বিস্ফোৰকসমূহ লগত তেওঁলোকক ফটো উঠাইছে বুলি অভিযোগ কৰে। প্ৰকৃততে যুৱক দুজন উগ্ৰপন্থীৰ সৈতে জড়িত হয়নে নহয় সেয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব৷