নলবাৰীঃ নলবাৰী জিলাৰ অৰৰা জয়পাল থান মজলীয়া বিদ্যালয়ে পঞ্চাছ বছৰ অতিক্ৰম কৰা উপলক্ষে দেওবাৰৰেপৰা তিনিদিনীয়াকৈ সোণালী জয়ন্তী উৎসৱ আৰম্ভ হৈছে।

আজি পুৱা উদযাপন সমিতিৰ সভাপতি তথা শিক্ষাবিদ চক্ৰধৰ কলিতাই সোণালী জয়ন্তীৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ পাতনি মেলে। ইয়াৰ পাছতে বিদ্যালয়ৰ পতাকা প্ৰধান শিক্ষক তথা উদযাপন সমিতিৰ সাধাৰণ সম্পাদক জনাৰ্দন কলিতাই উত্তোলন কৰে লগতে স্থায়ী তোৰণ আৰু প্ৰয়াত 'মাকন কলিতা সোঁৱৰণী' সোণালী জয়ন্তীৰ তোৰণ উন্মোচন কৰা হয়।

ইফালে সোণালী জয়ন্তী উপলক্ষে পঞ্চাশগৰাকী বিশিষ্ট লোকে পঞ্চাছখন পতাকা উত্তোলন কৰে আৰু শ্বহীদ তৰ্পণ কৰে মুক্তিযোদ্ধা ফনীন্দ্ৰ নাথ কলিতাই। দহ বজাত উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাটো উদ্বোধন কৰে সমাজকৰ্মী গণেশ তামুলীয়ে।

মনোমোহা সাংস্কৃতিক শোভাযাত্ৰাই অঞ্চলটোৰ ৰাইজক মুগ্ধ কৰে। সন্ধিয়া সুৰেন্দ্ৰ বৰ্মনৰ সঞ্চালনাত  শ্ৰদ্ধাঞ্জলি আৰু ডায়েটৰ প্ৰৱক্তা চিত্ৰ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত সম্বৰ্ধনা অনুষ্ঠান হয়। ইয়াৰ পাছতে অনুষ্ঠিত সাংস্কৃতিক বিচিত্ৰানুষ্ঠানৰ মঞ্চ মুকলি কৰে নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মনে।

কাইলৈ ২৪ ডিচেম্বৰৰ পুৱা গছপুলি ৰোপনৰ পাছতে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৰমাকান্ত বৰ্মনৰ সঞ্চালনাত  অনুষ্ঠিত হ'ব অন্তৰংগ আলাপ। সন্ধিয়াৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব  অভিনেতা দীলিপ কুমাৰ দাসে। ২৫ ডিচেম্বৰৰ দিনা মুকলি অধিৱেশন আৰু স্মৃতি গ্ৰন্থ উন্মোচনী সভাখন  উদ্বোধন কৰিব নলবাৰী জিলা  উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে। সভাত মুখ্য  অতিথি হিচাপে নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, নিৰ্দিষ্ট বক্তা বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, বিশিষ্ট অতিথি শিক্ষাবিদ ডঃ বীৰেন্দ্ৰ কুমাৰ চক্ৰবৰ্ত্তী ,ড° বীৰেন্দ্ৰ ডেকা, জি এম চিৰ প্ৰাক্তন অধ্যক্ষ ডাঃ খগেন্দ্ৰ নাৰায়ণ বৰুৱা, নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ দাস, মজলীয়া শিক্ষক সন্থাৰ জিলা সভাপতি অৰুণ দাস উপস্থিত থাকিব।

সোণালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব নলবাৰী ৰত্ন, সাহিত্যিক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই। নিশাৰ বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াখনি উদ্বোধন কৰিব চলচ্চিত্ৰ  অভিনেতা মন্মথ বৰুৱাই। অনুষ্ঠানত সংগীতেৰে জীপাল কৰিব জনপ্ৰিয় শিল্পী তৰালী শৰ্মা আৰু মৌচম গগৈয়ে। বাকী দুদিনৰ অনুষ্ঠানত উদযাপন সমিতিৰ উপদেষ্টা কিশোৰ কলিতা, সহ-সম্পাদক গোবিন্দ বৰ্মন, হৰেন্দ্ৰ নাথ কলিতাসহ সকলো উদ্যোক্তাই ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে।