চামগুৰিঃ সুউচ্চ পাহাৰৰ শিখৰৰপৰা নামি অহা নগাঁও চাপানালাৰ চঞ্চলা চম্পাৱতীয়ে যুগ-যুগ ধৰি আকৰ্ষিত কৰি আহিছে দেশী-বিদেশী পৰিব্ৰাজক তথা পৰ্যটকসকলক। 

প্ৰকৃতিৰ ভূ-স্বৰ্গ স্বৰূপ চম্পাৱতীৰ কুণ্ডথলিত বিগত এমাহ ধৰি দিনে-প্ৰতিদিনে ভিৰ বাঢ়িছে দূৰ-দূৰণিৰ বনভোজৰ দলসমূহৰ। অতি বিপদসংকুলভাৱে শিল বগাই বাটকুৰি বাই একাংশই অপৰূপ জলপ্ৰপাতটি দৰ্শন কৰি অভিভূত হৈ পৰিছে জীয়াজুৰি পাহাৰৰ বুকুত।

দিনটো চম্পাৱতী পাৰৰ বনভোজ স্থলিত নাচি-বাগি-ৰান্ধি-বাঢ়ি-খাই লাভ কৰিছে ক্ষণিক প্ৰশান্তি। কিন্তু ইয়াৰ মাজতে একাংশ বনভোজ দলৰ সদস্যই চাপানালালৈ অহা অঞ্চলটোৰ বাট-পথৰ দুৰৱস্থা দেখি প্ৰকাশ কৰিছে চূড়ান্ত বিৰক্তি। যাৰ বাবে সেই লোকসকলে চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰিছে বনভোজ স্থলিতে।