নগাঁওঃ সুৰনন্দন ভাৰতীৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে কলকতাৰ বিড়লা একাডেমিত আয়োজন কৰা ৰূপালী জয়ন্তী অনুষ্ঠানত নগাঁৱৰ চিত্ৰশিল্পী তথা শংকৰ-মাধৱ চিত্ৰকলা বিদ্যালয়ৰ অধ‍্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱাক "চিত্ৰনন্দন" সন্মানেৰে সন্মানিত কৰা হয়।

লগতে নগাঁৱৰ আন এগৰাকীৰ খ‍্যাতনামা চিত্ৰশিল্পী প্ৰদীপ মজুমদাৰক "চিত্ৰনন্দনশ্ৰী" সন্মান প্ৰদান কৰা হয়। তদুপৰি তবলা বিশাৰদ জুলফিকাৰ হুছেইনক জীৱন কৃতী ,অধ্যাপিকা  লক্ষ্মীপ্ৰভা বৰাক শিক্ষা নন্দন, অমৃত দত্তক কৃষ্টি নন্দন, সমীৰ গুপ্তাক কেন্দ্ৰ পৰিচালনাৰ সন্মান আৰু ইন্দ্ৰানী বৰাক  শ্ৰেষ্ঠ ছাত্ৰী (সংগীত শিল্পী) সন্মান প্ৰদান কৰা হয়।

এই অনুষ্ঠানত দেশৰ বিভিন্ন ৰাজ্যই অংশগ্ৰহণ কৰিছিল৷  য'ত অসম, পশ্চিমবংগ, মেঘালয়, ত্ৰিপুৰা, গোৱা, উত্তৰ প্ৰদেশৰ ভালে সংখ্যক খ‍্যাতনামা শিল্পীৰ সমন্বয় ঘটে।

ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি কলকতাৰ আৰ্টামিৰা আৰ্ট গেলেৰীত ৫ দিনীয়া চিত্ৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছিল। য'ত চিত্ৰশিল্পী প্ৰদীপ মজুমদাৰ আৰু ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱাৰ কেইবাখনো চিত্ৰ প্ৰদৰ্শন কৰা হয়৷

প্ৰদৰ্শনীৰ দ্বাৰা উন্মোচন কৰে প্ৰখ্যাত চিত্ৰশিল্পী তথা অধ‍্যক্ষ এছিয়া ছ'চাইটীৰ ঈশা মহম্মদে। ১২ ডিচেম্বৰৰপৰা ১৬ ডিচেম্বৰ লৈ আয়োজিত অনুষ্ঠানৰ ১৪ তাৰিখৰ বিশেষ আকৰ্ষণ আছিল ‌কিংবদন্তী নৃত্যগুৰু বিৰজু মাহাৰাজৰ  অনুষ্ঠান লগতে তবলা গুৰু মল্লাৰ ঘোষাৰ মূখবাদ‍্য অনুষ্ঠান।

উক্ত অনুষ্ঠানত মুখ্য অতিথি আছিল মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰায়। গাম্ভীযপূৰ্ণ অনুষ্ঠানটোৰ আঁত ধৰে সুৰনন্দন ভাৰতীৰ সৰ্বভাৰতীয় সম্পাদক ঋতীশ ৰঞ্জন চক্ৰৱৰ্তীয়ে।