ডিমাকুছিঃ এটা বিধস্ত পথ৷ এই পথেদি দৈনিক শতাধিক যানবাহন চলে৷ পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ আহিছে পথত৷ আনকি কণ-কণ ছাত্ৰ-ছাত্ৰীয়েও এই জৰাজীৰ্ণ পথৰ বাবে বিদ্যালয়লৈ যোৱাতো বন্ধ কৰিছে৷

ভেৰগাঁও খণ্ড উন্নয়ন খণ্ডৰ অন্তৰ্গত শুক্লাই মিলচ’ক-ভূটান সীমান্ত সংযোগী এই পথ নিৰ্মানৰ দাবী দীৰ্ঘদিনীয়া যদিও পানেৰি সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰী তথা স্থানীয় এম চি এল এই এই গুৰুত্বপূৰ্ণ পথ মেৰামতি কৰাত কোনো সদিচ্ছা নকৰাত মঙলবাৰে এই পথ মেৰামতিৰ বাবে ওলাই আহিল স্থানীয় যুৱক৷

শুক্লাইৰ স্থানীয় যুৱক বেদান্ত থপলীয়া,ৰঞ্জিত ওলী, বিজু উপ্ৰেতি, মনোজ খৰেলে নিজৰ গাঁঠীৰ ধন ভাঙি এই পথ মেৰামতিত নামে৷ শুক্লাই নদীৰপৰা ট্ৰেক্টৰে-গাড়ীৰে বালি আনি এই পথৰ পুখুৰী সদৃশ গাঁতত দি পথত গাড়ী অহা-যোৱাৰ বাবে সুচল কৰে৷ যি সময়ত পানেৰি সমষ্টিৰ অন্তৰ্গত দক্ষিণ অঞ্চলত সকলোবোৰ বাটপথ পকীকৰণ হৈছে সেই সময়ত স্বাধীনতা সংগ্ৰামী কুবেৰনাথ থপলীয়াৰ নামত উৎসৰ্গিত এই পথ মেৰামতিত কিয় মাহী আইৰ দৃষ্টিৰে চোৱা হ’ল সেয়া তাৎপৰ্যপূৰ্ণ বিষয়৷