লিডুঃ তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত কেনিয়া গাঁৱৰপৰা মঙলবাৰে এজন লোকক এন এছ চি এনৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত জাগুন আৰক্ষীয়ে আটক কৰে।

ধৃত লোকজনৰ নাম ৰঞ্জিত মুৰা (৩২) বুলি জানিব পৰা গৈছে৷ ঘৰ লেখাপানীৰ নতুন কেনিয়া গাঁৱত। উল্লেখযোগ্য যে জাগুন আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি ধৃত লোকজনক সুদীৰ্ঘ সময় ধৰি এন এছ চি এনৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ প্ৰকাশ কৰি আহিছিল যদিও আটক কৰিবলৈ সক্ষম হোৱা নাছিল৷

শেহতীয়াকৈ আৰক্ষীয়ে আজি গোপন সূত্ৰে পোৱা তথ্যৰ ভিত্তিত কেনিয়া গাঁৱৰপৰা আটক কৰিবলৈ সক্ষম হয়৷ 
বৰ্তমান লোকজনক জাগুন আৰক্ষীয়ে  PS C/N-46/18 u/s - 120(B)/121/121(A)/122/364(A)/387IPCR W Sec 25 (1-b)(a) Arms Act  R W Sec 5 of ES Act, 10/13 UA (P) Act ধাৰাত জে'ললৈ প্ৰেৰণ কৰে। 

উল্লেখ্য যে অসম অৰুণাচল সীমান্তৰ জাগুন, লেখাপানী আদি অঞ্চলত এতিয়া বিভন্ন উগ্ৰবাদী সংগঠনসমূহৰ মুক্ত বিচৰণে শলঠেকত পেলাইছে আৰক্ষী প্ৰশাসনক৷ প্ৰতিদিনেই সংঘটিত এনেবোৰ ঘটনাই এতিয়া এলেকাটোত নিৰাপত্তাজনিত দিশটো কিমান কটকটীয়া তাক স্পষ্ট ৰূপে প্ৰমাণ কৰি তুলিছে৷