বৰনদ্দীঃ নলবাৰী জিলাৰ ভাটখাণ্ডে সংগীত বিদ্যাপীঠ, সুৰনন্দন ভাৰতী, কলিকতা আৰু অসম চাৰু কাৰু কলা পৰিষদ, গুৱাহাটীৰ স্বীকৃতপ্ৰাপ্ত আশাশ্ৰী সংগীত বিদ্যালয় নলবাৰীৰ দশম বাৰ্ষিক বিদ্যালয় সপ্তাহখনি সোমবাৰে দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে নলবাৰীৰ অভ্যসন বিদ্যালয় প্ৰাগংনত অনুষ্ঠিত হৈ যায়৷

পুৱা পতকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ পাছত ৮.৩০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা 9 বজাত কন্ঠসংগীত, তবলা বাদন আৰু ১১ বজাত গীতাৰ বাদন ১১.৩০ বজাত স্ব-নিৰ্বাচিত কবিতা  আবৃতি প্ৰতিযোগিতা অনুষ্ঠিত হয়৷

দিনৰ ১২.৩০ বজাত আশাশ্ৰী সংগীত বিদ্যালয়ৰ সভাপতি প্ৰদীপ বৈশ্যৰ সভাপতিত্বত বঁটা বিতৰণী সভা অনুষ্ষ্ঠিত হয়৷ সভাত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে শিক্ষক কবি আবৃতিকাৰ দিগন্ত কুমাৰ গোস্বামীয়ে৷

ভাষণ প্ৰসংগত তেওঁ বিদ্যালয়ৰ কাম-কাজৰ ওপৰত গুৰুত্ব দি ছাত্ৰ-ছাত্ৰীসকলক আগবাঢ়ি যাবলৈ পৰামৰ্শ দিয়ে৷ অনুষ্ঠানৰ মাজে মাজে প্ৰতিটো বিষয়ৰ বিজয়ীসকলক বঁটা প্ৰদান কৰে সভাপতি প্ৰদীপ বৈশ্যই৷ অনুষ্ঠানটোৰ আঁত ধৰে বিদ্যালয়ৰ উপসভাপতি বিবেকানন্দ শৰ্মাই৷