বাথৌ মহাসভাৰ গোৰেশ্বৰ আঞ্চলিক-পূব বাগসা জিলা সমিতিৰ ৰূপালী জয়ন্তী

গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত আয়োজিত হ'ব সদৌ বাথৌ মহাসভাৰ গোৰেশ্বৰ আঞ্চলিক আৰু পূব বাগসা জিলা সমিতিৰ ৰূপালী জয়ন্তী।
অহা ৩১ জানুৱাৰী আৰু ১, ২, ৩ ফেব্ৰুৱাৰীত চাৰিদিনীয়াকৈ মাইনাউ ফৌথাৰত অনুষ্ঠিত হ'ব।
এই উপলক্ষে মঙলবাৰে ২৫ ডিচেম্বৰত মাইনাউ ফৌথাৰত ধৰ্মীয় ৰীতি-নীতি আৰু মাংগলিক কাৰ্যসূচীৰে লাইখুঁটা স্থাপন কৰা হয়।
বাথৌ মহাসভা উদযাপন সমিতিৰ সভাপতি মহেশ্বৰ বসুমতাৰীৰ উপস্থিতিত শতাধিক ধৰ্মপ্ৰাণ লোকৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰা হয়।
লাইখুঁটা স্থাপন কৰি মহেশ্বৰ বসুমতাৰীয়ে কয় যে বাথৌ ধৰ্মৰ জৰিয়তে আধ্যত্মিকভাৱে সমাজক আগুৱাই নিয়াৰ বাবে আয়োজিত এই অনুষ্ঠানত সকলো জাতি-ধৰ্মৰ লোকৰ সহায়-সহযোগিতা তেওঁ কামনা কৰে।
তেজপুৰৰপৰা সংযোজনঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰতো কয়লাজুলিত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় শোণিতপুৰ আৰু বিশ্বনাথ জিলা বাথৌ মহাসভাৰ ৰূপালী জয়ন্তী বৰ্ষ।
অন্তিমদিনাৰ কাৰ্যসূচিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, বাথৌ মহাসভাৰ মন্টু মুছাহাৰী, বড়ো সাহিত্যসভাৰ সম্পাদক প্ৰশান্ত বড়ো, পশ্চিমবংগৰ বাথৌ মহাসভাৰ প্ৰতিনিধিৰ লগতে শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে।
উক্ত অনুষ্ঠানত বড়োসকলৰ প্ৰাচীন ধৰ্ম বাথৌ ধৰ্ম কিদৰে বিকাশ কৰিব পাৰি, লগতে বাথৌ ধৰ্মৰ ৰীতি-নীতিৰে কিদৰে এখন সুষ্ঠ-সবল বড়ো সমাজ গঢ়ি তুলিব পাৰি তাৰ আলোচনা কৰাৰ লগতে বড়ো সকলৰ স্বকীয় কলা সংস্কৃতিৰো প্ৰদৰ্শন কৰা হয়।