
শিৱসাগৰঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জন্মলগ্নৰ দাবী আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰৱৰ্তন আৰু দ্বি-নাগৰিকত্ব প্ৰদানৰ দাবীত বৃহস্পতিবাৰে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত জিলা সমিতিসমূহে সমগ্ৰ ৰাজ্যখনত ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে।
পুৱা ৬ বজাৰপৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি দাস আৰু সাধাৰন সম্পাদক দাদু নেওগৰ নেতৃত্বত পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ নেতা-কৰ্মী সকলে শিৱসাগৰ জিলা উপাযুক্তৰ কাৰ্যালয়ৰ সন্মুখতো ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে।
উল্লেখ্য যে, ১৯৭৮ চনৰ জন্ম লগ্নৰপৰাই যুৱ-ছাত্ৰ পৰিষদে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ অস্তিত্বৰ সংকটৰপৰা ৰক্ষা কৰিবলৈ নাগালেণ্ড, অৰুণাচল প্ৰদেশৰ দৰে ৰাজ্যত প্ৰৱৰ্তিত হৈ থকা আন্তঃৰাজ্যিক পাৰ-পত্ৰৰ দৰে অসমতো বিদেশী প্ৰব্ৰজনৰ লগতে আন্তঃৰাজ্যিক অবাধ প্ৰব্ৰজনৰপৰা অসমৰ জাতি-জনগোষ্ঠীসমূহক সুৰক্ষিত কৰিবলৈ সুদীৰ্ঘ ৪০ বছৰ ধৰি আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰদান আৰু দ্বি নাগৰিকত্বৰ দাবীত সংগ্ৰাম কৰি আহিছে।
কেন্দ্ৰ আৰু ৰাজ্যৰ বিগত সময়ৰ লগতে বৰ্তমানৰ কোনো এখন চৰকাৰে পৰিষদৰ দীৰ্ঘদিনিয়া দাবীটোৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে শিৱসাগৰ জিলা সমিতি নেতৃত্বই।