♦ দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

কোকৰাঝাৰঃ এয়াৰটেল ৪ জি টাৱাৰ স্থাপনৰ ভুৱা প্ৰতিশ্ৰুতি দি কলকাতাৰ ডিল মানী ছিকিউৰিটী নামৰ এটা কোম্পানীয়ে কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত কমলাছৰা গাঁওৰ বাসিন্দা আহমেদ পৰামানিকৰপৰা ৬ লাখ ৬৫ হেজাৰ টকা সৰকাই লোৱাৰ এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

আজি ভুক্তভোগী আহমেদ পৰামানিকে অভিযোগ কৰা মতে যোৱা তিনিমাহ পূৰ্বে ৮০০১১৭৯৮৪৩ নম্বৰৰ অচিনাকী মোবাইলৰপৰা এজন লোকে ফোন কৰি ঘৰত এয়াৰটেল ৪জি টাৱাৰ বহুৱাই দিব বুলি প্ৰতিশ্ৰুতি দি ৭,৫৬০ টকা বিচাৰে ৷ সেই কথা বিশ্বাস কৰি আহমেদ পৰামানিকে প্ৰথম কিস্তিত ভাৰতীয় ষ্টেট বেংকৰ  ৩৩০৬৪২৫২২৪৬ নম্বৰ একাউন্টত ৭,৫৬০ টকা জমা দিয়ে৷

কিছুুুদিন পাছত পুনৰ ৭৪৭৮৩৩৬৫১৯ নম্বৰৰপৰা ফোন কৰি ২৭,৬০৯ টকা বিচাৰে আৰু আহমেদ পৰামানিকে বিনাদিধাই দ্বিতীয় কিস্তিত ২৭,৬০৯ টকা ইনডাছইণ্ড বেংকৰ ১০০০৪৩৪১৫৮৬২ নম্বৰ একাউণ্টত জমা দিয়ে৷

এনেকৈ তৃতীয় কিস্তিত ৭৭০০০ টকা, চতুৰ্থ কিস্তিত ৪১০০০ টকা, পঞ্চম কিস্তিত ১,৪৭,৮৯৯ টকা, ষষ্ঠ কিস্তিত ১,৪৩,০০০ টকা, সপ্তম কিস্তিত ৬০,০০০ টকা, অষ্টম কিস্তিত ৫০,০০০ টকা আৰু নৱম কিস্তিত ৩৫,৪০০ টকা আহমেদ পৰামানিকে উল্লেখিত একাউন্টত জমা দিয়ে৷

এনেদৰে যোৱা তিনিমাহত আহমেদ পৰামানিকে সৰ্বমুঠ ৬ লাখ ৬৫ হেজাৰ টকা আদায় দিয়াৰ পাছতো কোম্পানীটোৰ ফালৰপৰা টাৱাৰ বহুওৱাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আৰু যোগাযোগ নকৰাত আহমেদ পৰামানিকে এদিন  নিজেই ফোন কৰি যোগাযোগ কৰাত পুনৰাই ৩৫,০০০ টকা বিচাৰে৷

এইবাৰ আহমেদ পৰামানিকৰ সন্দেহ ওপজাত ৩৫,০০০ টকা দিব বুলি কয় যদিও একাউন্ট ট্ৰেন্সফাৰৰ সলনি ব্যাক্তিগতভাৱে লৈ যাবলৈ অনুৰোধ কৰে৷ আহমেদৰ কথামতে বুধবাৰে টকাখিনি লোৱাৰ বাবে কোকৰাঝাৰলৈ দুজন যুৱক ৰাওনা হয় যদিও ধুবুৰী জিলাৰ বিলাসীপাৰাৰপৰা আহমেদ পৰামানিকক ফোন কৰি বিলাসীপাৰাত আহিবলৈ কয়৷

ইতিমধ্যে আহমেদ পৰামানিকে কোকৰাঝাৰ আৰক্ষীক ঘটনাৰ সবিশেষ জনাই থোৱাত কোকৰাঝাৰ আৰক্ষীয়ে বিলাসীপাৰা আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে৷ ফলত বিলাসীপাৰা আৰক্ষীয়ে যুৱক দুজনক হাতে লোটে গ্ৰেপ্তাৰ কৰে৷ ধৃত যুৱক দুজন ক্ৰমে- ধুবুৰীৰ (ওৱাৰ্ড নং ১৫) জয়ন্ত সৰকাৰ (৩১) আৰু (ওৱাৰ্ড নং ১৪ ) বিক্ৰম শৰ্মা (২৫)৷

আনহাতে ভুক্তভোগী আহমেদ পৰামানিকৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে ৬৩২/১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰি কোকৰাঝাৰ সদৰ থানাত যুৱক দুজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷

উল্লেখ্য যে ভুৱা প্ৰতিষ্ঠান, ভুৱা কোম্পানীসমূহে ৰাজ্যত লুন্ঠনৰাজ চলাই গৈছে যদিও চৰকাৰ, প্ৰশাসনে সেয়া ৰোধ কৰিবলৈ বিশেষ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ উপৰিও জনসাধাৰণ সজাগ নোহোৱাৰ পৰিণতিতে দিনকদিনে এনে কোম্পানী, প্ৰতিষ্ঠানৰ লুন্ঠনৰাজ দুগুনে বৃদ্ধি পাবলৈ ধৰিছে৷