ৰঙিয়াঃ নগৰিকত্ব সংসোধনী বিধায়কৰ বিৰোধিতা আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিকৰ নাম বাদ আৰু বিদেশীৰ নাম অন্তভূক্ত কৰাৰ বিৰোধিতা কৰি শুকুৰবাৰে ৰঙিয়াত চি পি আই এম কামৰূপ জিলা সমিতিয়ে ৰঙিয়া মহাত্মা গান্ধিৰ প্ৰতিমূৰ্তিৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

দিনৰ ১১ বজাৰপৰা এক বজালৈ অনুষ্ঠিত হোৱা ধৰ্মঘট কাৰ্যসূচীত ৰাজনৈতি দলটোৰ কেইবাগৰাকী জিলা আৰু আঞ্চলিক সমিতিৰ নেতাই অংশগ্ৰহণ কৰে

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি চি পি এমৰ কামৰূপ জিলা সমিতিৰ বিবেকানন্দ অধিকাৰীয়ে প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তা যোগে কয় যে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বেধায়ক ২০১৬ উত্থাপনৰ জৰিয়তে আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰপৰা অহা হিন্দু, শিখ, বৈদ্ধ, জৈন , খ্ৰীষ্টান আৰু পাৰ্চিসকলক যি সকলে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ ভাৰতত প্ৰৱেশ কৰিছে, তেওঁলোকক ভাৰতীয় নাগৰিকত্ব দিব বিচাৰিছে।

এই কাৰ্য ভাৰতীয় সংবিধানৰ পৰিপন্থী। চৰকাৰৰ এনে কাৰ্যই ধৰ্ম নিৰপেক্ষ চৰিত্ৰ ধংস কৰিব বুলি চি পি এমৰ নেতা গৰাকীয়ে উল্লেখ কৰে।

আনহাতে এই বিধেয়কখন কাৰ্যকাৰী হ'লে অসমৰত জনগাঁথনিগত সমস্যাৰ সৃষ্টি হ'ব বুলি উল্লেখ কৰি ভাৰতীয়সকলৰ ভাষা-সংস্কৃতি বিপদৰ সন্মুখীন হ'ব বুলি কয়।

চি পি আই এম দলে সেই কাৰণে চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে বুলি নেতাগৰাকীয়ে অৱগত কৰে।

আনহাতে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে যদিও খচৰাৰ তালিকাত ইতিমধ্যে বহু ভাৰতীয় নাগৰিকৰ নাম বাদ পৰাৰো গুৰুতৰ অভিযোগ কৰিছে ৰাজনৈতিক দলটোৱে।

এই ক্ষেত্ৰত প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম যাতে বাদ নপৰে তাক সুনিশ্চিত কৰিবৰ বাবে চৰকাৰক অনুৰোধ জনায়। এই ক্ষেত্ৰত লক্ষ্যনীয় বিষয়টো হ'ল যে চৰকাৰৰ ভুল নীতিৰ বাবে অধিক ভাৰতীয় নাগৰিক ডি ভোটাৰ হিচাপে চিহ্নিত হৈছে। ইয়াৰ কিছু সংখ্যাক ডিটেনশ্বন কেম্পত থাকিবলগীয়া হোৱা বুলিও প্ৰেছ বাৰ্তাটোত বাওঁপন্থী নেতাগৰাকীয়ে উল্লেখ কৰি ইয়াৰ বাবে বহু ব্যক্তি হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি দলটোৰ ফালৰপৰা অভিযোগ কৰে।