তেজপুৰঃ তেজপুৰৰ আবৰ্ত ভৱনত অগপ, বিজেপিৰ দুই নেতাৰ গোপন বৈঠক অনুষ্ঠিত হয়৷ ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ প্ৰভাৰী ৰাম মাধৱ আৰু তেজপুৰ অগপ নেতা তথা তেজপুৰ বিধায়ক বৃন্দাবন গোস্বামী শনিবাৰে এখন বৈঠকত মিলিত হয়।

উক্ত বৈঠকৰ শেষত সাংবাদিকৰ আগত বিজেপি নেতা ৰাম মাধৱে কয় যে অসম গন পৰিষদৰ লগত মিত্ৰতা যিহেতু অব্যাহত আছে গতিকে আগন্তক লোকসভা নিৰ্বাচনতো থাকিব৷ 

আজি তেজপুৰত নিৰ্বাচনৰ প্ৰাক্ মূহুৰ্তত আৱৰ্ত ভৱনত অগপৰ জ্যেষ্ঠ নেতা তথা তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ লগত এক বৈঠকত মিলিত হয়৷ তেওঁ লগতে কয় যে এই বৈঠক সৌজন্যতামূলক যিহেতু বৃন্দাবন গোস্বামী এগৰাকী জেষ্ঠ নেতা গতিকে অন্য কোনো কথা ইয়াত নাহে৷

ৰাম মাধৱে লগতে কয় যে অসমত লোকসভা নিৰ্বাচনত বিজেপি দলে পূৰ্বতকৈ ভাল ফল দেখুৱাব। টিকট সম্পৰ্কীয় প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে আৰু জানুৱাৰীৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত লোৱাৰ লগতে বৰ্তমান বিজেপি সাংসদসকলৰ টিকট সম্পৰ্কতো জানুৱাৰীতে সিদ্ধান্ত ল’ব বুলিও জানিবলৈ দিয়ে।