ডিব্ৰুগড়ঃ বগীবিল দলঙৰ উদ্বোধনী অনুষ্ঠানলৈ গৈ আজিলৈকে চাবুৱাৰ এজন যুৱক নিখোজ হৈ থকাৰ তথ্য পোহৰলৈ আহিছে।

চাবুৱা আৰক্ষী থানাৰ অন্তৰ্গত মুদৈ গাঁৱৰ প্ৰয়াত পদুম বৰুৱাৰ কণিষ্ঠ পুত্ৰ ২৮ বছৰীয়া ৰণ্টু বৰুৱাই গাঁৱৰ অন্যন্যলোকসকলৰ লগতে বগীবিল দলঙৰ উদ্বোধনী সভালৈ বিজেপিয়ে যোগান ধৰা বাছেৰে গৈ সন্ধানহীন হৈ আছে৷

ইতিমধ্যে চাবুৱা আৰক্ষী থানাত পৰিয়ালৰ লোকে নিখোজ হোৱাৰ গোচৰ ৰুজু কৰিছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে অজলা ৰন্টু বৰুৱাই ক'লা পেণ্ট আৰু ৰঙা-ক'লা ৰঙৰ ছুৱেটাৰ পিন্ধি আছিল। পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে কোনো সম্ভেদ লাভ কৰা নাই, যাৰ ফলস্বৰূপে পৰিয়ালৰ লোকে বিনিদ্ৰ ৰজনী কটোৱাৰ লগতে তীব্ৰ মানসিক চাপত ভুগিছে।

সদাশয় ব্যক্তিয়ে কিবা সম্ভেদ পালে সম্পৰ্কীয় ভায়েক নীলোৎপল বৰুৱাৰ ম’বাইল- ৯১০১৬২৩৮৪৪, ৮৪৮৬৬৭১৯৪৬ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালবৰ্গই অনুৰোধ জনাইছে।