29
Dec
2018

লখিমপুৰঃ শনিবাৰে বিয়লি লখিমপুৰ প্ৰেছ ক্লাবত প্ৰব্ৰজন বিৰোধী মঞ্চই এখনি সংবাদ মেল অনুষ্ঠিত কৰে।
উক্ত সংবাদ মেলখনি সম্বোধন কৰি উপমুন্য হাজৰিকাই খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে তিনিটা পদক্ষেপ দাঙি ধৰে।
তেওঁ দাবী কৰে যে ১৯৫১ চনৰ ভিত্তিত ভূমি, চৰকাৰী চাকৰি আৰু সা-সুবিধা, বেপাৰ-বাণিজ্যৰ অনুজ্ঞা-পত্ৰ সংৰক্ষণ হ'ব লাগে।
বৰ্তমান কাম চলি থকা এন আৰ চিৰদ্বাৰা প্ৰকৃতাৰ্থত বাংলাদেশীহে উপকৃত হৈছে, বুলি তেওঁ অভিযোগ কৰে। সেয়েহে ইয়াৰ সম্পূৰ্ণ পুনৰীক্ষণৰদ্বাৰা এন আৰ চিৰ বিসংগতি দূৰ কৰি সকলো বিদেশীৰ নাম কৰ্তন কৰিব লাগে বুলি তেওঁ যুক্তি দৰ্শায়।
তৃতীয়তে, কোনো ধৰণৰ প্ৰব্ৰজনকাৰীয়ে যাতে নাগৰিকত্ব সংশোধনী বিধেয়ক বা আন কোনো উপায়েৰে সংস্থাপিত নহয়, সেয়া নিশ্চিত কৰিব লাগিব। তেতিয়াহে খিলঞ্জীয়া সুৰক্ষিত থাকিব বুলি তেওঁ কয়।