নগাঁওঃ এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰউদ্দিন আজমলে হাতশিঙিমাৰীত সাংবাদিক কবিৰ মণ্ডলক প্ৰাণে মৰা ভাবুকি দিয়া আৰু অভব্য আচৰণ কৰাৰ প্ৰতিবাদত শনিবাৰে নগাঁৱৰ কেইবাটাও সাংবাদিক সংগঠন প্ৰতিবাদমুখৰ হৈ উঠে।

জিলাখনৰ এই সাংবাদিক সংগঠনৰ সদস্য সকলে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

সদৌ নগাঁও জিলা সাংবাদিক সন্থা, নগাঁও জিলা বাৰ্তাজীবি সংঘ, নগাঁও ইলেকট্ৰনিক মিডিয়া এছ'চিয়েচন, আপকুৰ নগাঁও জিলা সমিতি, জানেলিষ্ট ইউনিয়ন অব আছামৰ নগাঁও জিলা সমিতি আদিয়ে সাংবাদিকক অভব্য আচৰণ কৰা মৌলানা বদৰউদ্দিন আজমলক ধিক্কাৰ দিয়াৰ লগতে অসমত ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ আজমলক দাবী জনায়।

নগাঁও জিলা বাৰ্তাজীবি সংঘৰ আহ্বানত উল্লেখিত সাংবাদিক সংগঠন কেইটাই সাংসদ মৌলানা বদৰউদ্দিন আজমলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ দাবী জনাই নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক-পত্ৰ পেৰণ কৰে।

তদুপৰি সংগঠনকেইটাই অনুৰূপ দাবী সম্বলিত স্মাৰক-পত্ৰ লোকসভাৰ অধ্যক্ষ আৰু অসমৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰে। স্মাৰক-পত্ৰত সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে ভবিষ্যতে কোনো সাংবাদিককে এনেধৰণৰ অভব্য আচৰণ নকৰিবলৈ সংশ্লিষ্ট সকলোকে সতৰ্ক কৰি দিয়ে।