♦ পানীখাইতি পূব প্ৰাথমিক বিদ্যালয়ত উৎসৱ বিদ্যাৰম্ভ উদযাপন

ৰৌতাঃ ওদালগুৰি জিলাৰ মাজবাট শিক্ষা খণ্ডৰ অন্তৰ্গত পানীখাইতি পূব প্ৰাথমিক বিদ্যালয়ত 'উৎসৱ বিদ্যাৰম্ভ' উদযাপন কৰা হয়।
সেই উপলক্ষে পুৱা ১১ বজাত বিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এক সজাগতামূলক শোভাযাত্ৰাও উলিয়ায়।
অতিকৈ পিছপৰা সংখ্যালঘু অধ্যুষিত অঞ্চলত অৱস্থিত এক আগশাৰীৰ চৰকাৰী বিদ্যালয় তথা জিলাখনৰ ভিতৰতে আদৰ্শ বিদ্যালয় হিচাপে পুৰস্কৃত পানীখাইতি পূব প্ৰাথমিক বিদ্যালয়ত নতুন শিক্ষা বৰ্ষত শিশু সকলক নামভৰ্তি কৰোৱাৰ উদ্দেশ্যে কণ-কণ শিশু সকলে বিভিন্ন সজাগতামূলক শ্লোগান দি প্ৰায় তিনি কিল’মিটাৰ বাট সমদল কৰে।
বিদ্যালয় প্ৰাংগণৰপৰা প্ৰধান শিক্ষক মতিউৰ ৰহমানৰ নেতৃত্বত উলিওৱা শোভাযাত্ৰাত শতাধিক কণ-কণ ছাত্ৰ-ছাত্ৰীসকলে হাতে-হাতে 'শিক্ষাৰ অধিকাৰ আইন সফল কৰক, আজিৰ শিশু কালিৰ ভৱিষ্যত, আপোনাৰ শিশুটিক বিদ্যালয়ত নামভৰ্তি কৰক, পাওঁ যদি মৰম চেনেহ আমাৰ বিদ্যালয়ত লিখা-পঢ়া শিকিম হেপাহেৰে আমি শিশু কালত, শিশুক বিদ্যালয়মুখী নিশ্চিত কৰক, প্ৰতিগৰাকী শিশু বিদ্যালয়লৈ যাব, তেতিয়াহে বিদ্যালয় সুন্দৰ হব আদি শ্লোগানৰ প্লে-কাৰ্ড লৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ আমিনপাৰা, পানীখাইতি, সৰ্বহেৰুৱা গাঁৱৰ প্ৰায় তিনি কিল’মিটাৰ বাট সমদল কৰি আকৌ বিদ্যালয় চৌহদত সমাপ্ত কৰে।
উল্লেখ্য যে, বৰ্তমান চৰকাৰী বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি অনীহা প্ৰকাশ কৰি একাংশ সচেতন অভিভাৱকে নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পাঠদান কৰোৱা দেখা যায় ঠিক সেই সময়তে উক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষক মতিউৰ ৰহমানে চৰকাৰী বিদ্যালয়ৰ প্ৰতি অভিভাৱক সকলক আকৰ্ষিত কৰোৱাৰ উদ্দেশ্যে হাতত লোৱা এনেবোৰ সজাগতামূলক কাৰ্যসূচীৰ বাবে সচেতন মহলে ভূয়সী প্ৰশংসা কৰে।