♦ দহ লক্ষাধিক টকাৰ সা- সম্পত্তি সম্পুৰ্ণ ৰূপে ভষ্মিভূত

বিলাসীপাৰঃ ধুবুৰী জিলাৰ নায়েৰ আলগা উপ আৰক্ষী চকীৰ অন্তৰ্গত মায়াৰ চৰ গাঁও পঞ্চায়তৰ মায়াৰ চৰ ৩য় আৰু ৫ম খণ্ড গাঁৱৰ মুঠ ৬টা পৰিয়ালৰ ঘৰবাৰী ভয়াবহ অগ্নি কাণ্ডত সম্পূৰ্ণৰূপে ভষ্মিভূত হয়।
জানিব পৰা মতে শনিবাৰে দুপৰীয়া ১ মান বজাত নুৰ মহম্মদ আলীৰ গৃহৰপৰা অগ্নিকাণ্ড সংঘটিত হৈ ৬ টা পৰিয়ালৰ ঘৰ-বাৰীৰ লগতে দহ লক্ষাধিক টকাৰ সা-সম্পত্তি আৰু এন আৰ চি, ভোটাৰ আইকাৰ্ড, মাটিৰ নথি-পত্ৰকে ধৰি যাৱতীয় নথি-পত্ৰ সম্পূৰ্ণৰূপে ভষ্মিভূত হয়।
অগ্নিকাণ্ড সংঘটিত হোৱা গাঁৱৰ ৰাইজে লৰালৰিকৈ অগ্নি নিৰ্বাপিত কৰিবলৈ আহে যদিও গেছ চিলিণ্ডাৰত জুই লাগি জুইৰ মাত্রা বৃদ্ধি পোৱাত জুইৰ কাষতে চাপিব নোৱাৰাত ৰাইজে জুই নুমুৱাবলৈ সক্ষম নহ'ল।
জুই নিমিত্তে ওচৰে পাজৰে থকা ঘৰসমূহ অগ্নিকাণ্ডৰপৰা হাত সাৰিব সক্ষম হয়। উক্ত অগ্নিকাণ্ডত এজন লোক আহত হয়। আহত ব্যক্তি গৰাকীক ততালিকে ৰাইজে নায়েৰ আলগা চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা কৰি থকা হৈছে।
উক্ত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল ক্রমে নুৰ মহম্মদ, নুৰ ইছলাম, নুৰ উদ্দিন, নুৰ জামাল, ছফিয়ৰ ৰহমান আৰু সামছুল হক। ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালবিলাকক সাহাৰ্য দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে ৰাইজে।