
মৰিয়নীঃ মৰিয়নীত পুনৰ জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি হ'ল ২ বছৰীয়া মাইকী নাহৰফুটুকীৰ পোৱালি এটা।
মৰিয়নী ধপাতবাৰী বাগিচাৰ চাওৰা বস্তিত বিগত কিছু দিনৰপৰা সন্ত্ৰাস চলাই আছিল৷ শনিবাৰে চাওৰা বস্তিৰ মদন ঘাতুৱাৰ (৩৫) নামৰ এজন লোকক আক্ৰমণ কৰে বাঘটোৱে৷
নাহৰফুটুকীৰ আক্ৰমণত যুৱকজন মুখমণ্ডল আৰু হাতত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়৷
অঞ্চলটোত নাহৰফুটুকী এটা থকাৰ কথা বনজুইৰ দৰে বিয়পি পৰে৷ চাওৰা বস্তিৰ স্থানীয় উত্তেজিত ৰাইজে নাহৰফুটুকীটোৰ সন্ধানত হাতত দা-কুঠাৰ লৈ উলায় আৰু ৰাইজৰ আক্ৰমণত নিহত হয় নাহৰফুটুকীৰ পোৱালিটো।
একাংশ লোকে বাঘটো হত্যা কৰি ক্ষ্যন্ত থকা নাই তেওঁলোকে বাঘৰ মোচ, নখ আৰু নেজ কাটি লৈ যায়৷
একাংশই বাঘটোক হত্যা কৰি ভক্ষন কৰাৰ চেষ্টা চলাওতে মৰিয়নী আৰক্ষী আৰু মৰিয়নী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনৰক্ষীৰ দল এটা উপস্থিত হৈ এটা বস্তাত নাহৰফুটুকীটোৰ মৃতদেহ ভৰাই থোৱা অৱস্থাত উদ্ধাৰ কৰে।
ৰাইজে অভিযোগ কৰে দীৰ্ঘদিনৰপৰা অঞ্চলটোত পশুধন ভক্ষণ কৰি নাহৰফুটুকীটোৱে সন্ত্ৰাস চলাই আহিছিল। বাতৰি সংগ্ৰহ কৰা সময় লোকে বন বিভাগে জনায় তেওঁলোকৰ তৰফৰপৰা নাহৰফুটুকীটোৰ আক্ৰমণ আহত হোৱা মদন ঘাতুৱাক চিকিৎসাৰ ব্যৱস্থা কৰিছে৷
আনহাতে বনবিভাগৰ তৰফৰ পৰা নাহৰফুটুকী হত্যা কৰাসকলৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই৷