তেজপুৰঃ শোণিতপুৰৰ বালিপৰাৰ ৰে'ল লাইনৰ সমীপত উদ্ধাৰ এজন বৃদ্ধৰ মৃতদেহ। বৃদ্ধজন ওপৰকছাৰী গাঁৱৰ নৰেন বড়ো বুলি চিনাক্ত কৰা হৈছে। 

কালি ঘৰৰ ৰা ওলায় যোৱাৰ পাছৰেপৰা সন্ধানহীন হৈ আছিল নৰেন বড়ো নামৰ লোকজন।

বহু বিচাৰ-খোচাৰ কৰিও সন্ধান উলিয়াব নোৱাৰাৰ সময়তে দেওবাৰে পুৱতি নিশা ৰে'ললাইনৰ সমিপতে বৃদ্ধজনৰ মৃতদেহ দেখি আৰক্ষীক খবৰ দিয়া হয়।

লোকজন ৰে'লৰ খুন্দাত নিহত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। ইফালে তেজপুৰৰ গনেশ ঘাটত দেওবাৰে দুপৰিয়া এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়। নীলা জিনছ পেণ্ট পৰিহিত মৃতদেহটো ৩০-৩৫ বছৰীয়া যুৱকৰ হোৱাৰ সন্দেহ কৰা হৈছে।