♦ কাকপথাৰত মৰাণ ছাত্ৰ সন্থাৰ অধিৱেশনৰ সফল সামৰণি

​কাকপথাৰঃ সদৌ মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতিৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিৱেশন দেওবাৰে সফল সামৰণি পৰে৷

যোৱা ২৮ ডিচেম্বৰৰপৰা তিনিদিনীয়াকৈ কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহত অনুস্থিত হোৱা অধিৱেশনিৰ আজি শেষৰ দিনা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে কাৰ্যসূচী আৰম্ভ হয়৷ অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা শোভাযাত্ৰা কাকপথাৰ ৰাজহুৱা খেলপথাৰৰপৰা সাংস্কৃতিক সংঘলৈ হয়৷ 

বিয়লি অনুস্থিত হোৱা মুকলি সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে কয় যে অহা ৭ জানুৱাৰীলৈকে অসমত ডাঙৰ কিবা এটা হ’ব৷ যিকোনো বিনিময়ত হিন্দু নাগৰিকত্ব বিধেয়ক বাতিল হ’ব লাগিব৷ অৱশ্যে তেওঁ এই বিষয়ে বিশেষ একো নক’লে। সভাত উপস্থিত থকা যুৱ-ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাই ভাষণ প্ৰসংগত অসমৰ ভুমিপুত্ৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ অতি সোনকালে প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়৷

মুকলি সভাত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে৷ সভাত আলফা নেতা অনুপ চেতিয়া, প্ৰবাল নেওগ, চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা জ্যোতিপ্ৰসাদ চুতীয়ে, মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ডেভিড চেতিয়া, অধিবক্তা অপমুন্য হাজৰিকা, বুৰঞ্জীবিদ শ্ৰীকুমাৰ দহোতীয়া উপস্থিত থাকে৷ অধিৱেশনখনিৰ অনন্য এক প্ৰয়াস Kakopather Got Telent নামৰ এক প্ৰতিযোগিতা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰি কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত লুকাই থকা প্ৰতিভা উলিয়াই অনাৰ চেষ্টা চলোৱা হয়।