♦ ১৬ জানুৱাৰীত হেজাৰ হেজাৰ ভক্তই  প্ৰজ্জলন কৰিব সমূহীয়া আৰিয়া 

ৰঙিয়াঃ ৰঙিয়াৰ ঐতিহাসিক বালিসত্ৰ সৎসংগী সত্ৰৰত সবাহ মহোৎসৱৰ আয়োজন কৰা হৈছে৷

অহা ১৬ জানুৱাৰীৰপৰা চাৰিদিনীয়াকৈ আৰম্ভ হ’বলগীয়া সবাহ মহোৎসৱৰ দেওবাৰে আনুষ্ঠানিকভাৱে এক মাংগলিক কাৰ্যসূচীৰে লাইখুঁটা স্থাপন কৰা হয়৷ গায়ন বায়ন, ঢুলীয়া-খুলীয়া, আয়তীৰ নাম আদিৰ মাজেৰে অনুষ্ঠিত লাইখুঁটা স্থাপন অনুষ্ঠানত সদৌ অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ উপদেষ্টা গকুল ভৰালীয়ে লাইখুঁটা স্থাপন কৰে৷

অনুষ্ঠানৰ আঁত ধৰে সবাহ মহোৎসৱ পৰিচালনা সমিতিৰ সম্পাদক হেমন্ত দাসে৷ লাইখুঁটা স্থাপন অনুষ্ঠানত সবাহ মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি ৰামেশ্বৰ কুমাৰে মহোৎসৱৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ লাইখুঁটা স্থাপন অনুষ্ঠানত বালিসত্ৰ সৎসংগী সত্ৰৰ সত্ৰাধিকাৰ ৰবীন্দ্ৰ নাথ গোস্বামীও উপস্থিত থাকে৷

সবাহ মহোৎসৱৰ প্ৰথম দিনা অৰ্থাৎ ১৬ জানুৱাৰীৰ সন্ধিয়া মূল কাৰ্যসূচী আৰিয়া প্ৰজ্জলন অনুষ্ঠিত হ’ব য’ত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দহ সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰিব৷ এই সবাহ মহোৎসৱত আৰিয়া প্ৰজ্জলন কৰিলে মনৰ অভীষ্ট সিদ্ধি হয় বুলি মানুহৰ মনত গভীৰ বিশ্বাস আছে৷

সবাহ মহোৎসৱৰ প্ৰথম দিনা নিশা ভক্তিমূলক গীতৰ অনুষ্ঠান আছে৷ মহোৎোৱৰ দ্বিতীয় দিনা নৃত্য প্ৰতিযোগিতা আৰু মহিলাৰ নাগাৰা নামৰ আয়োজন কৰা হৈছে৷ তৃতীয় দিনৰ কাৰ্যসূচীৰ ভিতৰত আছে নিশা নাট্যানুষ্ঠান আৰু নাগাৰা নাম৷ আনহাতে মহোৎসৱৰ অন্তিম দিনা সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হ’ব বুলি পৰিচালনা সমিতিয়ে যানিব দিছে৷