লিডুঃ মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত লিডু কলেজ তিনিআলিত সোমবাৰে বিয়লি প্ৰায় ৩ মান বজাত সংঘটিত হয় এক পথ দুৰ্ঘটনা৷ এ আৰ ০২ ৫১৮০ নম্বৰৰ "ৰড" পৰিবাহী এখন ডাম্পাৰ গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা তিনিখনকৈ দোকান মহতিয়াই নিয়াৰ ফলত দুকান কেইখনৰ বিস্তৰ ক্ষতিসাধন হয়৷

জানিব পৰা মতে লিডুৰপৰা "ৰড" ক্ৰয় কৰি মাৰ্ঘেৰিটালৈ বুলি ৰাওনা হওঁতেই লিডু বিৰলা গেটস্থিত এলেকাত হঠাৎ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই এনে দুৰ্ঘটনা সংঘটিত কৰে৷ ইফালে দুকান কেইখন বন্ধহৈ থকাৰ বাবে কোনো লোক আঘাত প্ৰাপ্ত হোৱা নাই যদিও ডাম্পাৰ গাড়ীখনৰ চালক জন গুৰুত্বৰ ভাৱে আঘাত প্ৰাপ্ত হোৱাত চালক জনক ততালিকৈ লিডুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ 

বৰ্তমান লিডু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ গাড়ীখন উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷