বৰপথাৰঃ এইবাৰ আলফাৰ নামত ধন দাবী কৰিলে অখ্যাত সংগঠনে ৷ গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত টেঙানী কঁঠবিলত সংঘটিত এক ধন দাবীৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ 

২৪ ডিচেম্বৰত টেঙানী কঁঠবিলৰ এটা পৰিয়ালক ম'বাইল ফ'নযোগে পাঁচ লাখ টকা আলফাৰ নামত বিচাৰে অখ্যাত সংগঠনৰ সদস্যই৷

৩১ ডিচেম্বৰৰ ভিতৰত ধন ধন আদায় দিয়াৰ চূড়ান্ত সময় সীমা বান্ধি দিয়ে৷ এই সম্পৰ্কে আৰক্ষী অথবা প্ৰশাসনক জনালে পৰিণতি ভয়ংকৰ হ'ব বুলি সকীয়াই দিয়ে পৰিয়ালটোক৷ যাৰ বাবে দৰিদ্ৰ পৰিয়ালটোৰ প্ৰতিজন সদস্যই ভয় আৰু শংকাৰে পাৰ কৰিছে দিনৰ পিছত দিন৷

প্ৰতিদিনেই দুটা ম'বাইল নম্বৰৰপৰা দাবী কৰা ধন আদায় দিবলৈ পৰিয়ালটোক ভীতি প্ৰদৰ্শন কৰিছে ফ'ন আৰু মেছেজ যোগে ৷ ফ'ন ৰিচিভ কৰিলে নিজকে প্ৰথমতে আলফাৰ সদস্য বুলি চিনাকি দিছিল যদিও পাছত নিজকে বিদ্যুৎ সংগঠনৰ বুলি পৰিচয় দিয়ে আৰু তেওঁলোকৰ চাৰিশ মান কেডাৰ আছে বুলি কয়৷

কোন এই বিদ্যুৎ সংগঠন, সেয়া এতিয়া ডাঙৰ প্ৰশ্ন৷ পইচা লাগিবনে মানুহ লাগিব বুলি শেহতীয়াকৈ মেছেজ যোগে ভাবুকি দিছে পৰিয়ালটোক নিজকে বিদ্যুত সংগঠনৰ বুলি পৰিচয় দিয়া অজ্ঞাত চক্ৰটোৱে৷

উল্লেখযোগ্য যে উক্ত পৰিয়ালটোৰপৰা বিগত বৰ্ষত ভাবুকি প্ৰদান কৰি ধন নিবলৈ অহা এজন যুৱকক বৰপথাৰ আৰক্ষীয়ে পিষ্টলসহ কৰায়ত্ব কৰিছিল ৷ যিটো সময়ত পৰিয়ালটোৱে ভয় আৰু শংকাৰে বিনিদ্ৰ ৰজনী পাৰ কৰিছে সেই সময়ত আৰক্ষীয়ে পৰিয়ালটোক নিৰাপত্তা দিয়াত হেমাহি কৰাৰ অভিযোগ কৰিছে স্থানীয়লোকে৷

উপায়ন্তৰহৈ দৰিদ্ৰ পৰিয়ালটোৱে সংবাদ মাধ্যমৰ যোগেদি ধন দাবী কৰা বিদ্যুত সংগঠনৰ সদস্যক কাতৰে আহ্বান জনাইছে তেওঁলোকক চাই যাবলৈ। প্ৰকৃততে যে তেওঁলোক পাঁচ লাখ টকা দিব পৰা পৰিয়াল নহয় সেয়া পতিয়ন যাবলৈ।