♦ পিকনিক খাবলৈ গৈ মাজুলীত অঘটন

চেনিমৰা ঘাটৰপৰা পৰাণ জ্যোতি বৰাঃ মাজুলীৰ দুজনকৈ ছাত্র দেওবাৰে উটি গ'ল সোৱণশিৰিৰ বুকুত। পুৱা মাজুলীৰ গড়মূৰ পীতাম্বৰদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্র-ছাত্ৰীৰ এটা দল ৩১ ডিচেম্বৰ পালন কৰিবৰ বাবে ধুনাগুৰিৰ বাঁহগড়া পাঠালি ঘটাত পিকনিকৰ আনন্দৰ মাজতেই এই অঘটন সংঘটিত হয়।

ছাত্রকেইজন ক্ৰমে গড়মূৰ সত্ৰৰ সদানন্দ দত্তৰ পুত্র সৌৰভ দত্ত আৰু আনজন বাৰবাৰী গাঁৱৰ পুতুল কলিতাৰ পুত্ৰ মানস কলিতা।

দুজনে কাষতে থকা সোৱণশিৰিৰ নদীত গা ধুবলৈ নদীত নামোতেই কোবাল সোঁতে উতাৱাই নিয়ে যদিও এছ ডি আৰ এফে ছাত্ৰ দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।