উৰিয়ামঘাটত ইংৰাজী নৱবৰ্ষৰ প্ৰথম নিশাই অঘটন

সৰুপথাৰঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ কাঠনি গাঁৱত ইংৰাজী নৱবৰ্ষৰ প্ৰথম নিশাই প্ৰায় ১০ বজাত সুৰামত্ত অৱস্থাত দুই ব্যক্তিৰ মাৰপিটৰ ফলত এজন ব্যক্তি গুৰুতৰভাৱে আহত হৈ পাছত মৃত্যুবৰণ কৰিব লগা হয়।
ঘটনাৰ বিনৰণী মতে, কাঠনি গাঁৱৰ দুই ব্যক্তি ক্ৰমে পিটেল তেলহান (৫০) আৰু কাৰ্লোচ তেলহান (২৭) নামৰ ব্যক্তি দুজনে ৰাতি প্ৰায় ১০ বজাত সুৰাপান কৰি কাজিয়াত লিপ্ত হয়।
কাৰ্লোচ তেলহান নামৰ লোকজনে পিটেল তেলহানক উপৰ্যুপৰি প্ৰহাৰ কৰে। পিটেল তেলহানৰ পত্নীয়ে দুয়োজনৰ কাজিয়া লগা দেখি চিঞৰ-বাখৰ কৰাত ওচৰচুবুৰীয়া ওলায় আহে যদিও ইতিমধ্যে পিটেল গুৰুতৰভাৱে আহত হয় আৰু পুৱাৰ ভাগলৈ মৃত্যুক আঁকোৱালি লয়।
উক্ত ঘটনা সন্দৰ্ভত প্ৰতক্ষ্যদৰ্শী মৃত পিটেল তেলহানৰ পত্নী মিনা তেলহানে উৰিয়ামঘাট থানাত গোচৰ দিয়ে।এজাহাৰৰ ভিত্তিত আচামী কাৰ্লোচ তেলহানক আটক কৰি থানাই ০১/১৯/৩০২/IPC নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰিছে আৰু মৃতদেহটো মৰণোত্তোৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।