বিহালীঃ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গৰাখহনীয়াত গৃহহীন লোকক পুনৰ সংস্থাপন আৰু ভূমি পট্টা প্ৰদানৰ দাবীত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়।

এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ দাবী সম্বলিত এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয়। পৰিষদৰ জিলা সভাপতি আব্দুল হাকিম চিকদাৰ, সাধাৰণ সম্পাদক নাজিৰ আহমেদ আৰু বাহাজুদ্দিন জাকাৰীয়াৰ স্বাক্ষৰিত স্মাৰক-পত্ৰখনত বিশ্বনাথৰ বিভিন্ন অঞ্চলত, বিশেষকৈ সংখ্যালঘু লোকসকল ব্ৰহ্মপুত্ৰ নৈৰ দাঁতি-কাষৰীয়া অঞ্চলৰ বাসিন্দা বছৰ বছৰ ধৰি গৰাখহনীয়াৰ কবলত পৰি ঘৰ-বাৰী, মাটি আদি সা-সম্পত্তি সকলো হেৰুৱাই কোনো মতে অঘৰীৰ দৰে জীৱন যাপন কৰি আছে।

এনে ক্ষেত্ৰত চৰকাৰে এই লোকসকলক পুনৰ সংস্থাপনৰ নামত কোনো ধৰণৰ ব্যৱস্থা নকৰাটো অতি দুৰ্ভাগ্যজনক কথা বুলি দাবী কৰিছে পৰিষদে। আনহাতে গৰাখহনীয়াই সৰ্বস্বান্ত কৰা লোকসকলে নিজৰ পৰিয়াল পোহ পাল দিবলৈ য'তে ত'তে চৰকাৰী মাটিত ঘৰ-বাৰী সজি খেতি-বাতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে।

এইলোক সকলক অতি শীঘ্ৰেই পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে গৰাখহনীয়া সমস্যাৰ বিজ্ঞান সন্মতভাৱে স্থায়ী সমাধানৰ দাবী উত্থাপন কৰা হয়। ইয়াৰ লগতে কৃষকসকলৰ পৰ্যাপ্ত সা-সুবিধাৰ লগতে চৰাঞ্চলৰ লোকৰ পট্টা থকা যি সমূহ ভূমি নদীৰ কবলত পৰি বিলীন হৈছে, সেই সকলক চৰকাৰে ভূমি প্ৰদান কৰাৰ লগতে ভূমি পট্টা প্ৰদান কৰিবলৈ  দাবী জনায় সংগঠনটোৱে।

সংগঠনটোৱে উপায়ুক্ত কাৰ্যালয়ত বিভিন্ন শ্ল'গানেৰে অৱস্থান ধৰ্মঘট পালন কৰি উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

ইফালে এই কাৰ্যসূচীত বিশ্বনাথ জিলা উপদেষ্টা হাফিজ মণ্ডল, বিশ্বনাথ জিলা আমছুৰ উপসভাপতি ইন্তাজ আলিৰ লগতে পৰিষদৰ অৰ্ধশতাধিক সদস্যই উপস্থিত থাকে।