
মাজুলীঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৃহস্পতিবাৰে মাজুলীৰ কমলাবাৰীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত সংগঠনতোৰ মাজুলী জিলা সমিতিৰ কাৰ্যালয়ৰ সন্মুখত অবিৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ কৰে।
সংগঠনতোৰ মাজুলীৰ জিলা সমিতিৰ সভাপতি জগত হাজৰিকা, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মুনিন্দ ভূঞা, সম্পাদক অলিন হাজৰিকাকে প্ৰমুখ্যে কৰি সংগঠনতোৰ আঞ্চলিক সমিতি সদস্যসকলেও অংশগ্ৰহণ কৰে।
সংগঠনটোৰ মাজুলী জিলা সমিতিৰ সভাপতি জগত হাজৰিকাই কয়, এই বিধেয়ক কেতিয়াও মানি লোৱা নহ'ব, অবিৰত সংগ্ৰাম চলি থাকিব।
সম্পাদক অলিন হাজৰিকাই কয় ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হ'বৰ বাবেই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে অসমীয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ যোগেদি ১ কোটি ৯০ লাখ হিন্দু বাংলাদেশীক আমন্ত্ৰণ জনাই ভোট বেংক তৈয়াৰ কৰিব বিচাৰিছে।
যাৰ ফলত অসমীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰতি ভাবুকি আহি পৰিছে। যেতিয়ালৈকে এই নাগৰিকত্ব বিধেয়ক বাতিল নহয় তেতিয়া লৈকে এই কাৰ্যসূচী চলি যাব বুলি উল্লেখ কৰে।
উক্ত কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কোচ-ৰাজবংশী ছাত্র সংস্থাই অংশগ্ৰহণ কৰে।