বাইহাটা চাৰিআলিঃ  জীৱনৰ ২৮ টা বসন্ততে জীৱন-নাটৰ যবনিকা পৰিল বাইহাটা চাৰিআলিৰ আছু নেতা ৰঞ্জন কলিতাৰ।

পূব কামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহ সদস্যজনৰ ২ জানুৱাৰীৰ নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱাত স্থানীয় ৰাইজে ততাতৈয়াকৈ ১০৮ৰ জৰিয়তে আমিনগাঁওস্থিত নাৰায়ণা হৃদয়ালয় হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

উল্লেখ্য যে ৰঞ্জন কলিতাই নিশা AS 25 D 6299 নম্বৰৰ গ্লেমাৰ বাইকেৰে বাইহাটা চাৰিআলি অভিমুখে আহি থকা অৱস্থাত বিপৰীত দিশৰপৰা অহা গধুৰ বাহন এখনে খুন্দিওৱা ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

অকল ইমানেই নহয়, একে দিশৰপৰা আহি থকা AS 25 J 4860 নম্বৰ বাইকৰ দুই বাইক আৰোহীয়ো দুৰ্ঘটনাত পতিত হৈ সংকতজনক অৱস্থাত বৰ্তমান চিকিৎসাধীন হৈ আছে।

ৰঞ্জন কলিতা অকল ছাত্ৰ নেতাই নহয়, বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত তেওঁ জড়িত আছিল। ৰঞ্জন কলিতাৰ বিয়োগত শোকাত ভাগি পৰে পিতৃ, মাতৃসহ ভগ্নী তথা অঞ্চলটোৰ অসংখ্য গুণমুগ্ধ।