খাৰুপেটীয়াঃ অসমৰ লগতে দেশৰ প্ৰতিটো প্ৰান্ততে বি জে পি শাসিত কেন্দ্ৰীয়  চৰকাৰে ধৰ্ম নিৰপেক্ষ ভাৰতীয় সংবিধানক মষিমূৰ কৰি নাগৰিকত্ব সংশোধনী আইন প্ৰনয়ণ কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত প্ৰতিবাদ কৰাৰ পাছতো বি জে পিয়ে ভবা মতেই জে পি চিয়ে অহা ৭ জানুৱাৰি  তাৰিখে প্ৰতিবেদন দাখিল কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তক ইত্তেহাদ ফ্ৰন্ট, অসম ৰাজ্যিক সমিতিয়ে তীব্ৰ বিৰোধীতা কৰাৰ লগতে উক্ত সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে৷

ইত্তেহাদ ফ্ৰন্ট, অসম ৰাজ্যিক সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিভিন্ন প্ৰতিবাদী কাৰ্য্যসূচি ৰূপায়ণ কৰাৰ লগতে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকো স্মাৰক-পত্ৰ দাখিল কৰিছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত হ'লে অসমে সবাতোকৈ ক্ষতি গ্ৰস্ত হ'ব৷ অসমতে অসমীয়াই সংখ্যালঘুত পৰিণত হোৱাৰ লগতে ভাষা, সংস্কৃতি বিপদাপন্ন হোৱাটো নিশ্চিত।

সেয়েহে অসমৰ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে ঐক্যবদ্ধভাৱে অহা ৭ জানুৱাৰীত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছে৷ লগতে সংগঠনটোৰ সভাপতি শ্বাহাব উদ্দিন আহমেদ আৰু সাধাৰণ সম্পাদক নুৰ ইছলামে কয় যে এয়া শৰাইঘাটৰ শেষ ৰণ।

অসমখন শংকৰ- আজানৰ পৱিত্ৰ মিলনভূমি আৰু ইয়াক ধৰ্মৰ নামত বিভাজন কৰিবলৈ দিয়া নহ'ব৷ অসমত অসমীয়াক সংখ্যালঘুত পৰিণত কৰিবলৈ দিয়া নহ'ব৷ অসমখন বিদেশীৰ চৰণীয়া পথাৰ নহয় ৷ যদি হিন্দু সংখ্যালঘু ৰাষ্ট্ৰসমূহত হিন্দুৰ ওপৰত হাৰাশাস্তি হৈছে তেনেহ'লে সেই দেশসমূহক তেওঁলোকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ বাধ্য কৰক বি জে পি শাসিত কেন্দ্ৰীয় চৰকাৰে।

হিন্দু সংখ্যালঘু দেশত হিন্দু সকলৰ ওপৰত হাৰাশাস্তি চলিছে বুলি কৈ নাগৰিকত্ব আইন সংশোধন কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰক৷ বিগত চাৰি বছৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে  ৮০ খন দেশ ভ্ৰমণ কৰিব পাৰিলে কিন্তু হিন্দু সংখ্যালঘু দেশসমূহৰ লগত হিন্দুসকলৰ নিৰাপত্তাৰ বিষয়ে এটা শব্দ মুখৰপৰা ওলোৱা আমি দেখিবলৈ নাপালোঁ।

বিশ্বৰ কোনো এখন দেশতে ধৰ্মৰ ওপৰত ভিত্তি কৰি বহিঃৰাষ্ট্ৰৰ নাগৰিকক কোনো দেশে নাগৰিকত্ব প্ৰদান কৰাৰ নজিৰ নাই। কিন্তু বি জে পি চৰকাৰে ভোট বেংক সুৰক্ষিত কৰাৰ সাৰ্থত দেশৰ জনগনে তীব্ৰ বিৰোধিতা কৰাৰ লগতে প্ৰৱল প্ৰতিবাদক আওকাণ কৰি বি জে পি নেতৃত্বাধীন জে পি চিয়ে অহা ৭ জানুৱাৰীত সংসদৰ মজিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ চুড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ যি সিদ্ধান্ত লৈছে, উক্ত সিদ্ধান্ত বাতিল কৰিবলৈ বি জে পি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে ৷

অন্যথা ইত্তেহাদ ফ্ৰন্ট, অসম ৰাজ্যিক সমিতিয়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে৷