♦ অধিৱেশনৰ প্ৰস্তুতিৰ বুজ ল'লে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীয়ে

♦ পথ উন্নয়নৰ বাবে আবন্টিত ৩৩ কোটি টকা ব্য়য়ত বিসংগতিৰ অভিযোগ

মৰিগাওঁঃ মৰিগাঁৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অহা ৬ ফ্ৰেব্ৰুৱাৰীৰপৰা ৯ ফ্ৰেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া ৮৮ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনৰ উখল-মাখল পৰিৱেশেৰ মাজতে শুকুৰবৰে অধিৱেশনৰ প্ৰস্তুতিৰ বুজ ল'লে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে৷

মন্ত্ৰীগৰাকীয়ে দুপৰীয়া অধিৱেশনস্থলীত উপস্থিত হৈ আদৰণি সমিতিৰ বিষয়ববীয়াৰে অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰে৷ ইতিমধ্যে অধিৱেশনস্থলীত যুদ্ধকালীনভাৱে নিৰ্মাণকাৰ্য চলি থকা মুল মণ্ডপ, শিবিৰ, নামঘৰ, অতিথিশালা, ভোজনালয়, গ্ৰন্থমেলাস্থলী আদি পৰিদৰ্শন কৰি মন্ত্ৰী দৈমাৰীয়ে প্ৰয়োজনীয় সকলো সহায়-সহযোগিতা চৰকাৰৰ তৰফৰপৰা আগবঢ়াব বুলি উল্লেখ কৰে৷

বিশেষকৈ ভকত-বৈষ্ণৱ, আইমাতৃ আৰু অতিথিসকলৰ বাবে বিভাগীয়ভাবে স্বচ্ছ অভিযানৰ অধীনত শৌচাগাৰ আৰু পানী যোগানৰ ক্ষেত্ৰত অধিৱেশনস্থলীত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে৷

আনহাতে ৮৮ সংখ্যক অধিৱেশনখনি সৰ্বাংগ সুন্দৰ কৰি তুলিবলৈ আদৰণী সমিতিৰ লগতে ২০ খনতকৈও অধিক বিভিন্ন উপ-সমিতি আৰু ভকত-বৈষ্ণৱসকলে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে৷

ইফালে মৰিগাঁও নগৰৰ পথসমূহ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে আবন্টন দিয়া ৩৩ কোটি টকাৰে পথ উন্নয়নৰ কাম দ্ৰতগতিত আৰম্ভ হৈছে যদিও এই পথসমূহৰ নিৰ্মাণ কাৰ্য বিভাগীয় নীতি-নিৰ্দেশনাক একাংশ পথ  নিৰ্মাণকাৰী ঠিকাদাৰে অংগুস্থ প্ৰদৰ্শন কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

ফলত মৰিগাঁও নগৰৰ পথসমূহৰ উন্নয়ন কিমান ফলপ্ৰসূ হ'ব সেইয়া বৰ্তমানে এক চিন্তনীয় হৈ পৰিছে মৰিগাওঁবাসীৰ বাবে।

আনহাতে এক দৃষ্টিনন্দন শোভাযাত্ৰাৰ বাবে আটক-ধুনীয়া ৰথ নিৰ্মাণত দিনে-নিশাই ব্যস্ত হৈ পৰিছে একাংশ ভক্ত-বৈষ্ণৱ। মুঠৰ ওপৰত অধিৱেশনখনি সকলো ক্ষেত্রতে সাফল্যমণ্ডিত কৰিবলৈ শংকৰদেৱ সংঘৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল দিনে-নিশাই মগ্ন হৈ পৰিছে।