বাইহাটা চাৰিআলিঃ দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভূক্তাবাৰীৰ নিবাসী বিশিষ্ট দৰঙী কলা কৃষ্টিৰ সাধক লোকেশ্বৰ বৰুৱাৰ বৃহস্পতিবাৰে নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত বিয়োগ ঘটে।

জীৱনৰ দীৰ্ঘ সময় ধৰি ওজাপালি, চেউচাপৰি লোকসংস্কৃতিৰ সৈতে জড়িত থকা বৰুৱাই বৃহত্তৰ অঞ্চলটোৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী হিচাপে ৰিচিত আছিল।

তেওঁৰ মৃত্যুত স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়া, পুৰনবাৰী তৰুণ সংঘ দুমুনিচকী প্ৰেছ ক্লাবকে ধৰি ছিপাঝাৰৰ বিভিন্ন দল-সংগঠন, শুভাকাংশীয়ে পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

মৃত্যুৰ সময়ত দুই পুত্ৰ-বোৱাৰীসহ নাতি-নাতিনী ইহসংসাৰত এৰি যায়। মত্যুৰ সময়ত বৰুৱাৰ বয়স হৈছিল ৯৫ বছৰ।