
বঢ়হমপুৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে এসময়ত জাতীয় নায়ক উপাধি পোৱা সৰ্বানন্দ সোণোৱালক লগত লৈ শিলচৰৰ এক ৰাজহুৱা সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহত কৰা হ'ব বুলি সদম্ভে ঘোষণা কৰাৰ পাছতে উতপ্ত হৈ পৰিছে অসমৰ সামগ্ৰিক পৰিস্থিতি।
প্ৰধানমন্ত্ৰী মোডীয়ে সংশোধনী বিধেয়কখন গৃহীত কৰা হ'ব বুলি ঘোষণা কৰাৰ পাছতে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আলোচনা মঞ্চ সৰব হৈ পৰে। মঞ্চই অহা ৭ জানুৱাৰীত সমগ্ৰ অসমত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে।
৭ জানুৱাৰীত সমগ্ৰ অসমতে ক'লা দিৱস পালন কৰিবলৈও মঞ্চই আহ্বান জনায়। বিধেয়কখন সংসদত উত্থাপন হোৱাৰ দিনাই মঞ্চই অসমৰ প্ৰতিখন জিলা আৰু মহকুমাত ধিক্কাৰ দিৱস পালনৰ প্ৰস্তাৱ গ্ৰহণ কৰে।
আনহাতে মঞ্চই গুৱাহাটীত এখন ৰাজহুৱা সভা পাতি সমগ্ৰ অসমত ক’লা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আলোচনা মঞ্চই ৰাজ্যৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানত সেইদিনা ক’লা পতাকা উত্তোলন কৰিবলৈ সকলোকে আহ্বান জনাইছে।