♦ ভালুকপুঙত শোণিতপুৰ জিলা এবছুৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

তেজপুৰঃ বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আগন্তুক লোকসভা নিৰ্বাচনত অনাবড়োৰ ভোট লাভ কৰাৰ আশাতে বড়োলেণ্ড হ'ব নোৱাৰে বুলি কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এবছুৱে।
ভালুকপুঙত শোণিতপুৰ জিলা এবছুৰ বাৰ্ষিক অধিৱেশনত উপস্থিত হোৱা এবছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লৰেন ইছলাৰীয়ে কয় যে হাগ্ৰামা মহিলাৰীয়ে বি টি চিত আন্তঃগাঁথনিৰ অভাৱ আৰু লগতে আই এ এছ, আই পি এছ অফিচাৰ বি ট্ এ ডিৰপৰা ওলোৱা নাই বাবে বড়োলেণ্ড গঠন নহয় বুলি কোৱা মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা দিয়ে।
১৯৭১ চনত মেঘালয় ৰাজ্য গঠন হোৱাৰ সময়ত মেঘালয়ত কেইজন আই এ এছ আৰু এই পি এছ অফিচাৰ আছিল বুলি তেওঁ প্ৰশ্ন কৰাৰ লগতে তেওঁক এনেধৰনৰ তুলুঙা মন্তব্য নিদিবলৈ সকীয়নি দিয়ে।
যিজন হাগ্ৰামা মহিলাৰীয়ে এটা সময়ত বড়োলেণ্ডৰ কাৰণে সংগ্ৰাম কৰিছিল, যি সময়ত তেওঁলোকৰ আন্দোলনত হাজাৰ হাজাৰ শ্বহীদ হ'ব লগা হ'ল, সেইসময়ত তেওঁলোকে ভবা নাছিল নেকি ভৱিষ্যতে বড়োলেণ্ড গঠন নহ'ব বুলি।
আনহাতে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শোণিতপুৰ জিলা এবছুৰ বাৰ্ষিক অধিৱেশনত ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাকলাৰী, আছুৰ অভিজিৎ নাথ, ৰাজেন বৰঠাকুৰৰ লগতে আগছুকে আদি কৰি বহু কেইটা সংগঠনৰ নেতা উপস্থিত থাকে।