
মৰিয়নীঃ এখন নদী আৰু তাৰ পাৰত পূৰ্ণ দমে চলিছে নাটকৰ আখৰা। নৈ পাৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত এইবাৰ অনুষ্ঠিত হ'ব শব্দ তৃতীয় ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ।
নাটকক ৰাইজৰ অধিক কাষ চপাই অনাৰ লক্ষ্যৰে শব্দ ৰাষ্ট্ৰীয় নাট্য মহোৎসৱে গ্ৰহণ কৰিছে এক অভিনৱ প্ৰয়াস। নৈ পৰীয়া ২০১৯ শব্দ তৃতীয় ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ শীৰ্ষক নাট মহোৎসৱখনি যোৰহাট মৰিয়নীৰ নকচাৰী মিল গাঁৱত গ্ৰাম্য পটভূমিত নৈ পাৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত আয়োজন কৰা হৈছে।
বোৱাতি টীয়ক নদীৰ পাৰৰ এটা বালি চাপৰি হ'ব নাটকৰ মঞ্চ। আনহাতে আনটো পাৰত এডৰা বাঁহনীৰ তলত বাঁহৰ বেঞ্চত বহি নাট উপভোগ কৰিব দৰ্শকে।
৪ জানুৱাৰীৰপৰা ৯ জানুৱাৰীলৈকে হ'বলগীয়া নৈ পৰীয়া নাট মহোৎসৱত দেশৰ ভিন্ন প্ৰান্তৰ আগশাৰী নাট্যগোষ্ঠীৰ ১২ খন বছা বছা নাটক প্ৰদৰ্শিত হ'ব।
ইয়াৰ ভিতৰত মোম্বাইৰ মুচকান থিয়েটাৰৰ লেবৰ ভইচ অব ডাম্বছ, পশ্চিম বংগৰ কোনোগৃহ বধু আৰু ডাকঘৰ নাটককেইখন উল্লেখ্যযোগ্য।
আনহাতে অসমৰ ৰবিজিতা গগৈয়ে পৰিচালনা কৰা জিৰছাং থিয়েতাৰৰ আত্মজ, যোৰহাট ড্ৰামা একাডেমীৰ ন'মফবিয়াকে ধৰি দুলিয়াজানৰ পথাৰ নাট্য গোষ্ঠীৰ ৰাজবধু, নকছাৰী গিৱন কুশলীৱৰ ড০ জিন্টু হাজৰিকাৰ ৰচনা-পৰিচালনা কৰা যুঁজাৰু দ্যা ফাইটাৰকে ধৰি মুঠ ১২ খন নাট মঞ্চস্থ হ'ব।
অহা ৪ জানুৱাৰীৰপৰা ১০ জানুৱাৰীলৈ এই সমাৰোহ চলিব।
নাট্য মহোৎসৱস্থলীক মিছিং শব্দ মুৰং নামেৰে নামাকৰণ কৰা লগতে মিচিং পৰম্পৰা ৰক্ষা কৰি বাঁহ, খেৰ, কাঠ আৰু তংগলেৰে সাজি উলিয়াইছে মঞ্চ মণ্ডপ, গ্ৰীণ ৰূপ আৰু অতিথি শালা আদি।
আনহাতে নাট্য মহোৎৱত অংশগ্ৰহণ কৰিবলৈ অহা নাট্য গোষ্ঠী সমুহৰ অভিনয় শিল্পীসকলেও নৈ পাৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত মুকলি মঞ্চত অভিনয় কৰিবলৈ আহি ৰোমাঞ্চিত হৈ পৰা বুলি অনুভৱ ব্যক্ত কৰে।