ডিমাকুছিঃ ওদালগুৰি জিলাৰ অসম-ভূটান সীমান্তত বন্যহস্তীৰ সন্ত্ৰাসৰ পাছত এইবাৰ বনগাহৰিৰ আতংক৷

খাদ্যৰ সন্ধানত জনাঞ্চলত আশ্ৰয় লৈ থকা বনগাহৰিৰ আক্ৰমণত শনিবাৰে সন্ধিয়া ভূটান সীমান্তৰ চেগুনবাৰীত চামু টপ্ন (৪৫) নামৰ লোক এজন নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আহত হয়৷

আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক৷

অঞ্চলটোত বনগাহৰিৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱা ঘটনা এইটোৱেই প্ৰথম৷ বৰ্তমান আতংকত দিন কটাইছে ভূটানৰ সীমান্তবাসী ৰাইজে৷