
গুৱাহাটীঃ হাজাৰ বছৰীয়া অসমীয়া জাতিক ভাৰতীয় জনতা পাৰ্টীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ, ২০১৬ৰ জৰিয়তে নিঃশেষ কৰাৰ যি চেষ্টা চলাইছে, তাৰ প্ৰতিবাদত সমগ্ৰ অসম জ্বলি উঠিছে৷
অসমৰ জনতাৰ মতামতক আওকাণ কৰি যুটীয়া সংসদীয় সমিতিয়ে সোমবাৰে সংসদত ইয়াৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ দিনটোতে সমগ্ৰ অসমতে ক’লা দিৱস হিচাপে পালন কৰা হৈছে৷
অসমীয়াৰ মনত দহি দহি জ্বলি থকা জুইকুৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰত দিয়া ভাষণে দপদপকৈ জ্বলাই তুলিলে৷
অতীতত দেশ বিভাজনেৰে কৰা ভুলৰ প্ৰায়চিত্ত কৰিবলৈ বাংলাদেশৰপৰা হিন্দু বাংলাদেশীক অনা হ’ব বুলি সদম্ভে ঘোষণা কৰাৰ পাছতে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত৷
আছু, কৃষক মুক্তি সংগ্ৰামকে ধৰি ৰাজ্যৰ এশটাতকৈ অধিক দল-সংগঠনে ক’লা দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনোৱাত আজি দেখা গ’ল আকাশবাণী গুৱাহাটী কেন্দ্ৰ, ছেবাৰ কাৰ্যালয়ত, কৃষি আয়ুক্ত কাৰ্যালয়, জলসিঞ্চন বিভাগৰ কাৰ্যালয়কে ধৰি জিলাৰ সদৰসমূহৰ চৰকাৰী কাৰ্যলয়ৰ সন্মুখত উৰি থকা দেখা গ’ল ক’লা প্ৰতিবাদী পতাকা৷
এই সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে কয় যে সমগ্ৰ অসমীয়াই গণতান্ত্ৰিকভাৱে কৰিব পৰা সকলো প্ৰতিবাদ ইতিমধ্যে সাব্যস্ত কৰিছে৷ গণতান্ত্ৰিক প্ৰতিবাদ প্ৰায় শেষ৷ এতিয়া আৰু স্বাধীন অসম বিচৰাৰ বাহিৰে বিকল্প নাই৷
কেন্দ্ৰীয় চৰকাৰে অসমীয়াৰ প্ৰতিবাদৰ ভাষা বুজি নাপালে অসমীয়াই স্বাধীন অসম বিচৰাৰ বাদে কোনো বিকল্প নাথাকিব বুলি তেওঁ সাৱধান কৰি দিয়ে৷
মন কৰিবলগীয়া যে আদি বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোহাঁয়েও কেন্দ্ৰ অসমবিৰোধী কাম-কাজত অতিষ্ঠ হৈ প্ৰয়োজন হ'লে স্বাধীন অসম বিচাৰিব বুলি অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।