
কাৰ্বি আংলংঃ বোকাজান মহকুমাৰ সৰিয়হজানৰ হিড়িম্ব সমন্বয় ক্ষেত্ৰত যোৱা ৫ জানুৱাৰীৰপৰা অনুষ্ঠিত হৈ থকা তৃতীয় বাৰ্ষিক মেচ-কছাৰী সাংস্কৃতিক মহোৎসৱৰ সোমবাৰে সফল সমাপ্তি ঘটে৷ মেচ কছাৰী সাংস্কৃতিক মহোৎসৱ ২০১৯ ৰ আজি অন্তিম দিনৰ কাৰ্যসূচীত পুৱাৰ ভাগত বিভিন্ন জাতি-জনগোষ্ঠীৰ নিজ নিজ কলা-কৃষ্টি প্ৰদৰ্শনেৰে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে৷
আনহাতে, মূল সভা আৰম্ভ হোৱাৰ পূৰ্বে অসমৰ বিভিন্ন স্থানৰপৰা অহা শিল্পীসকলে বিশেষকৈ মান টাই, তিৱা, মেচ-কছাৰী আৰু অসমীয়া বিহু নৃত্য আদি প্ৰদৰ্শন কৰি উপস্থিত অতিথি তথা ৰাজ্যক আপ্লুত কৰে৷ তিনিদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হৈ থকা সাংস্কৃতিক মহোৎসৱত আজি অন্তিম দিনা উদযাপন সমিতিৰ সভাপতি কৃষ্ণকান্ত মেচৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাৰ মুখ্য অতিথি আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী ৷
বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বোকাজানৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ড° নোমল ম'মিন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী ড° উপেন ৰাভা হাকাচাম, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধ্যুৰ্য ঢেকীয়াল ফুকনকে আদি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তিয়ে৷
আজিৰ এই মেচ কছাৰী সাংস্কৃতিক মহোৎসৱৰ মুকলি সভা উদ্ধোধন কৰি উত্তৰ-পূব দূৰদৰ্শন কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালক দেৱেন বসুমতাৰীয়ে কয় যে বৰ্তমান সময়ত অসমত যি জটিল সন্ধিক্ষণৰ বতাহ বলিছে যেন সকলো ওলট পালট হৈ যাব৷ পৰিৱৰ্তনৰ ঢৌত যি আধুনিকতাৰ বতাহ আহিছে তাত আমি ক’ব নোৱাৰাকৈয়ে আমাৰ কৃষ্টি-সংস্কৃতিক বিপদলৈ ঠেলি দিছো৷ লোককৃষ্টি আয়োজন কৰিয়ে থমকি ৰ'লে নহ’ব৷ লোক কৃষ্টি ৰক্ষাৰ নামত গাহৰি মাংস, পোৰা গৰৈ মাছৰ লগত সাজপানীৰ জুতি ল'লেই লোক কৃষ্টি ৰক্ষা কৰা নহয়৷ যদিও সাজপানী, গাহৰি মাংস আদিয়ে জাতীয় কৃষ্টিৰ স্বৰূপ দাঙি ধৰিছে তথাপিও আমি ইয়াৰ ঋণাত্মক দিশ সমূহো বিশ্লেষণ কৰিব লাগিব৷ যাতে আমাৰ উঠি অহা প্ৰজন্ম নিচাসক্ত হৈ অকামিলা জীৱন কটাবলগীযা নহয়৷
জাতিটোক ছিন্নমূল হোৱাৰ পৰা ৰক্ষা কৰিবৰ বাবে মেচ কছাৰীসকলে যি প্ৰচেষ্টা গ্ৰহণ কৰিছে ই শলাগীবলগীয়া৷ লোক-কৃষ্টি লোক-সংস্কৃতি, লোক-পৰম্পৰা আদি ৰক্ষা কৰিব নোৱাৰিলে আমাৰ চিনাকী হেৰাই যাব৷
আনহাতে, আজিৰ এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা ঋষিকেশ গোস্বামীয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি কবিতাৰ পংক্তিয়ে নিজ ভাষণ আৰম্ভ কৰি কয় যে সংস্কৃতি হৈছে সমন্বয়ৰ তীৰ্থ ভূমি৷ বৈচিত্ৰতাই হৈছে সংস্কৃতি৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ নিজা নিজা কৃষ্টি-সংস্কৃতি একেলগ হৈ সৃষ্টি হৈছে বিশাল অসমীয়া সংস্কৃতি৷ সংঘাটেৰে নহয়, সাম্য আৰু মৈত্ৰীৰেহে সংস্কৃতিৰ উত্তৰণ হয়৷ সমন্বয়ৰ বাৰ্তাইহে সাংস্কৃতিক সমাজৰ পৰিৱৰ্তনৰ অস্ত্ৰ হিচাপে পৰিগণিত কৰিব৷ সংঘাত সমাজৰ কেতিয়াও কাম্য নহয়৷ ধ্বংসকাৰীক আমি কেতিয়াও পূজা নকৰো৷ মহাপুৰুষ শংকৰদেৱ, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা আদিয়ে যেনেদৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিক সামৰি সকলোকে একেডাল ডোলেৰে বান্ধি বিশাল অসমীয়া কৃষ্টি-সংস্কৃতিৰ উত্তৰণত অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল থিক তেনেদৰে আমিও বিভিন্ন জাতি-জনগোষ্ঠীয়ে নিজ নিজ কৃষ্টি-সংস্কৃতি ৰক্ষা কৰি নৱ-প্ৰজন্মলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণৰ যোগেদি বিশাল অসমীয়া কৃষ্টি-সংস্কৃতিক বিশ্ব দৰবাৰত তুলি ধৰাৰ বাবে বাস্তৱ তথা ফলপ্ৰসূ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব৷
এই মুকলি সভাতেই বোকাজানৰ বিধায়ক ডাঃ নোমল ম'মিনে ভাষণ প্ৰসংগত কয় যে সমগ্ৰ অসমতে প্ৰায় ১ লাখ ২০ হেজাৰ জনসংখ্যাৰ মেচ-কছাৰীসকলে কেতিয়াও নিজকে পিছপৰা তথা সৰু জাতি বুলি ভাবিব নালাগে৷ সংখ্যাই এটা জাতিৰ উন্নয়ণ তথা শক্তিশালীৰ মাপ নিৰ্ণয় নকৰে, সেইয়া কেৱল যোগ্যতাইহে দিয়ে৷ সৰু হ’লেও একতাৰ ডোলেৰে সমিলমিলেৰে আগুৱাই গ’লে কোনোদিনেই সমস্যাৰ সন্মুখীন হ’ব নালাগে৷
উল্লেখ্য যে, বিধায়ক ম'মিনে ভাষণৰ মাজতে মেচ-কছাৰী উন্নয়ণ পৰিষদৰ নিৰ্মীয়মাণ অৱস্থাত থকা ভৱনটোৰ বাবে বিধায়ক পুঁজিৰপৰা ৫ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে৷ ইয়াৰ পাছতে মেচ-কছাৰীসকলে আয়োজন কৰা কৃষ্টি-সংস্কৃতিৰ স্মৃতিসমূহ ইতিহাসৰ পাতত ধৰি ৰখাৰ চেষ্টাৰে প্ৰকাশ কৰি উলিওৱা "হিড়িম্ব" নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° উপেন ৰাভা হাকাচামে৷
আজিৰ মুকলি সভাতে সৰিয়হজানৰ স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈও এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ এই স্মাৰক পত্ৰৰ মূল বিষয় আছিল যে বোকাজান মহকুমাৰ সৰিয়হজানত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক নিৰ্বাচনী এখন সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বোকাজান মহকুমাবাসীৰ বহু প্ৰত্যাশিত ১০০ খন বিছনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিছিল৷
২০১৭ চনৰ ৭ মে'ত চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰা উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত আছিল তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বোকাজানৰ বিধায়ক ডাঃ নোমল ম'মিনৰ লগতে ৰাজ্য আৰু জিলাখনৰ বহু বাঘা বাঘা ৰাজনৈতিক নেতা কৰ্মী৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ কাম অতি সোনকালে আৰম্ভ কৰাৰ ইংগিত প্ৰদান কৰি বৃহত্তৰ বোকাজান মহকুমাৰ স্বাস্থ্যখণ্ডত এক যোগান্তৰকাৰী দিশ সূচনা কৰিব বুলিও ভাষণ প্ৰদান কৰাৰ পাছতো সুদীৰ্ঘ ১ বছৰ ৭ মাহ অতিক্ৰম কৰিলে যদিও আজিও কিন্তু আধাৰশিলা স্থানত এচপৰাও ইটা নপৰিল৷ সেয়েহে স্থানীয় ৰাইজে শীঘ্ৰে চিকিৎসালয়খনৰ কাম আৰম্ভ কৰাৰ দাবী জনাই মুখ্যমন্ত্ৰীলৈ উক্ত স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷ এই স্মাৰক পত্ৰত বিধ্বস্ত হৈ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কথাও উল্লেখ কৰে