তেজপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আইন এখন নাটক। নাগৰিকত্ব সংশোধনী বিধেয়কখন ক্ষেত্ৰত বৰ্তমান দুজনীয়া বিচাৰপীঠে দিয়া আবেদন ছুপ্ৰীম কৰ্টত বিচাৰাধীন হৈ আছে।  

বিষয়টো মীমাংসা নোহোৱালৈকে আইনখন প্ৰযোজ্য নহ’ব। এই আইনী মন্তব্য কৰিছে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰি সভাপতি মতিউৰ ৰহমানে।

তেওঁ লগতে কয় যে আইনখন লোকসভাত গৃহীত হ’লেও ৰাজ্যসভাতো গৃহীত কৰিব লাগিব।

বিধেয়কখন লোকাসভাত উত্থাপন কৰি বি জে পিয়ে মাত্ৰ নিৰ্বাচনত ভোট সংগ্ৰহৰ বাবেহে এখন নাটক ৰচনা কৰিছে বুলি ৰহমানে মন্তব্য কৰে।