তেজপুৰঃ মঙলবাৰে পুৱাৰেপৰা শোনিতপুৰ জিলাৰ তেজপুৰ, ডিপোটা আদি অঞ্চলত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হয়।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত তথা উত্তৰ পূৰ্বাঞ্চলৰ ৩০ টা জাতীয়-জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সমৰ্থনত ইতিমধ্য আৰম্ভ হৈছে অসম বন্ধৰ কাৰ্যসূচী।

ডিপোটাৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদকাৰীয়ে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী। পুৱাৰেপৰা বন্ধ সমথনকাৰীসকলে বিভিন্ন শ্ল’গান দি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে এই বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে। এই বিধেয়ক যিকোনো মূল্যৰ বিনিময়ত বন্ধ কৰিবলৈ চৰকাৰক দাবী জনায়। বন্ধৰ ফলত অঞ্চলটোত যান-বাহন আৰু অনু্ষ্ঠান-প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ আছে।