গুৱাহাটী/আগৰতলাঃ সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা ১১ ঘণ্টীয়া অসম বন্ধত মঙলবাৰে স্তব্ধ  হৈ পৰে ৰাজ্যৰ জন-জীৱন। বছৰৰ প্ৰথমটো বন্ধৰ সময়ছোৱাত গুৱাহাটী মহানগৰীৰ লগতে কেবাঠাইতো সংঘটিত হয় একাধিক বিক্ষিপ্ত ঘটনা। মহানগৰীৰ বেলতলা, উজান বজাৰ, খানাপাৰা আদি অঞ্চলত বন্ধ সমৰ্থকে কেবাখনো বাহনত আক্ৰমণ চলায়। হাতীগাঁৱকে আদি কৰি কেবা ঠাইত বন্ধ সমৰ্থকৰ ওপৰত আৰক্ষীয়ে লাঠি চালনা কৰাৰ লগতে আটক কৰে।

একেদৰে গোলাঘাট জিলাত বন্ধ সমৰ্থকে বিজেপিৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰা ঘটনায়ো সৃষ্টি কৰিছে যথেষ্ট প্ৰতিক্ৰিয়াৰ। ঠায়ে ঠায়ে গছ বগৰাই ৰাষ্ট্ৰীয় ঘাইপথেৰে যান-বাহন চলাচলত বাধা প্ৰদান কৰাৰো বাতৰি পোৱা গৈছে। আইন হাতত তুলি লৈ কেবাঠাইতো বন্ধ সমৰ্থকে বন্ধ নমনা ব্যক্তিগত প্ৰতিষ্ঠানতো আক্ৰমণ সংঘটিত কৰে।

মাকুমত অৰ্ধ উলংগ হৈ ৰেল অৱৰোধ কৰে আছুৰ লগতে একাধিক দল-সংগঠনৰ নেতৃত্বই৷ কোকৰাঝাৰতো কেবাটাও সংগঠনে সাব্যস্ত কৰে অৰ্ধ উলংগ প্ৰতিবাদ। এনেদৰে উজনি-নামনি সৰ্বত্ৰে বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হোৱাৰ বাতৰি পোৱা গৈছে। 

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সুদীৰ্ঘ ৮ বছৰৰ অন্তত অসম বন্ধৰ আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে। আছুৰ এই বন্ধৰ লগতে উত্তৰ-পূব ছাত্ৰ সন্থা (নেছ’)য়ো আজিৰ দিনটোত সমগ্ৰ উত্তৰ-পূব বন্ধৰ আহ্বান জনাইছিল। নেছ’ৰ এই আহ্বানলৈ সহাৰি জনাই উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বন্ধ সৰ্বাত্মক ৰূপত পালন কৰা দেখা গৈছে।

♦ চুবুৰীয়া ৰাজ্যকেইখনত বন্ধৰ প্ৰভাৱ কেনেধৰণৰ?

বন্ধৰ দিনটোত চুবুৰীয়া অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ ইটানগৰত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয় তথা শিক্ষা প্ৰতিষ্ঠানৰ কাম-কাজ, পাঠদান ব্যাহত হৈ পৰে। একেদৰে মণিপুৰৰ ৰাজধানী ইম্ফলৰ লগতে সমগ্ৰ ৰাজ্যখনতে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰাৰ বাতৰি পোৱা গৈছে। মেঘালয় আৰু মিজোৰামতো বন্ধৰ সময়ছোৱাত স্তব্ধ হৈ পৰে জন-জীৱন। 

আনহাতে বিজেপি শাসিত ত্ৰিপুৰাতো আজিৰ বন্ধৰ প্ৰভাৱ পৰা বুলি জনাইছে আগৰতলাস্থিত আমাৰ সাংবাদিকে। বন্ধৰ সময়ছোৱাত ৰাজ্যখনৰ কেবাটাও দল-সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰাপ্ত বাতৰি মতে, ত্ৰিপুৰা ট্ৰাইবেল এৰিয়াছ অটোনমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ কাৰ্যালয়ৰ সমুখত প্ৰতিবাদকাৰীসকলৰ সৈতে আৰক্ষী খণ্ড যুদ্ধতো লিপ্ত হয়। 

বন্ধলৈ সমৰ্থন জনোৱা প্ৰতিবাদকাৰীসকলক প্ৰতিহত কৰাৰ উদ্দেশ্যে ত্ৰিপুৰা আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। আৰক্ষীয়ে শূন্যলৈ গুলাচালনা কৰাৰ সময়তে অসাৱধানবশত দুজন লোক গুলীৱিদ্ধ হোৱাৰ লগতে আন ৩জন লোক আহত হয়।