
গুৱাহাটীঃ 'মই অসমীয়া’ বুলি কৈ নেশ্যনেল বুক ট্ৰাষ্টৰ সঞ্চালক পদৰ পৰা অব্যাহতি ল’লে সাহিত্য অকাডেমী বঁটা বিজয়ী বিশিষ্ট লেখিকা ৰীতা চৌধুৰীয়ে। কিছু সময় পূৰ্বে উক্ত পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰে 'মাকাম’ৰ স্ৰষ্টাগৰাকীয়ে।
উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে লেখিকাগৰাকীৰ হাজাৰ হাজাৰ অনুৰাগীয়ে তেওঁক এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাই আহিছিল। অনুৰাগীৰ এনে আহ্বানৰ মাজতে ফেচবুকত 'মই অসমীয়া’ বুলি এটি পোষ্ট আপডেট দিছিল লেখিকাগাৰকীয়ে।
ফেচবুকত 'মই অসমীয়া’ বুলি পোষ্ট আপডেট দিয়াৰ পিছতে পুনৰ আৰম্ভ হৈছিল বিতৰ্ক। অধিকাংশ অনুৰাগী তথা সাহিত্য প্ৰেমীয়ে ছ’চিয়েল মিডিয়াযোগে মুকলিকৈ লেখিকাগৰাকীক তেওঁৰ মন্ত্ৰী স্বামীৰ শেহতীয়া স্থিতিক লৈও মন্তব্য কৰা দেখা গৈছিল।
এনেধৰণৰ একাধিক চৰ্চাৰ মাজতে বৃহস্পতিবাৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি নেশ্যনেল বুক ট্ৰাষ্টৰ সঞ্চালক পদৰ পৰা পদত্যাগ কৰে লেখিকাগৰাকীয়ে। অসম আন্দোলনৰ সময়ত সক্ৰিয় ভূমিকা পালন কৰা লেখিকাগৰাকীয়ে উক্ত পদৰ পৰা পদত্যাগ কৰাৰ কথা ৰাজহুৱা কৰাৰ পিছতে আদৰণি জনাইছে তেওঁৰ অসংখ্যা অনুৰাগী তথা ভিন্ন দল-সংগঠনে।
ইফালে, বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি অগপৰ ৩ মন্ত্ৰীয়ে পদত্যাগ কৰাৰ এদিন পিছতে বিশিষ্ট লেখিকাগৰাকীয়ে গ্ৰহণ কৰা এনে পদক্ষেপে বহন কৰিছে বিশেষ তাৎপৰ্য। লেখিকাগৰাকীৰ এই সিদ্ধান্তই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গঢ় লৈ উঠা সংগ্ৰামখনক অনন্যা মাত্ৰা প্ৰদান কৰিব বুলিও মন্তব্য কৰিছে ভিন্নজনে।