
নগাঁওঃ ন্যায় সেৱা প্ৰাধিকাৰী নগাঁৱে কৰি অহা সমাজৰ দুখীয়া নিচলা,মানসীক বিকাৰগ্ৰস্থ লোকক উদ্ধাৰ আদি কাম সমূহৰ বিষয়ে সংবাদ মাধ্যমত বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ বাবেই আজি নগাওঁ চহৰৰ সদাব্যস্ত পানীগাঁও চাৰিআলিৰ শান্তিবনৰ পৰা নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ ন্যায়াধীশ তথা সম্পাদিকা প্ৰনিতা মৰাঙৰ নিৰ্দেশত যোৱা এটি সজাতী দলে উদ্ধাৰ কৰে এগৰাকী বহিঃৰাজ্যৰ যুৱতীক। সজাতী দলটিত নগাঁৱৰ ন্যায় সেৱা প্ৰাধীকাৰীৰ পেনেল অধিবক্তা ৰূপালী গোস্বামী, অৰ্ধ আইনী সহায়ক দিপেন শইকীয়া,পাপুমনি বৰা, বিতুপন কোঁৱৰ আদি উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, মহিলাগৰাকী মানসিকভাবে বিকাৰগ্ৰস্ত। বৰ্তমান ইটচালি আৰক্ষীয়ে যুৱতী গৰাকীৰ পৰিচয় লাভ কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে ৷ উল্লেখ্য, মানসিকভাৱে ৯৫ শতাংশ বিকাৰগ্ৰস্ত মহিলা গৰাকীয়ে কেইদিনমানৰ পৰা নগাঁৱৰ পানীগাঁও অঞ্চলত অশান্তি সৃষ্টি কৰি আহিছিল ৷
আজি একাংশ সচেতন নাগৰিকে প্ৰথমে আৰক্ষীক খৱৰ দিয়াৰ পিচত আৰক্ষীয়ে নগাঁও ন্যায় সেৱা প্ৰাধীকাৰীক খৱৰ দিয়াত ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ নিজা প্ৰচেষ্টাত উদ্ধাৰ কৰে। বৰ্তমান মানসীক বিকাৰগ্ৰস্থ মহিলা গৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ।