19
Jan
2019
♦ উদুলি-মুদুলি ভৃগুমুনি কাগয়ুং ক্ষেত্র

শিৱসাগৰঃ শিৱসাগৰ জিলা সাহিত্য সভাৰ মধ্যকালীন শনিবৰৰেপৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছে শিৱসাগৰ জিলাৰ দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত।
পুৱা পতাকা উত্তোল কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ বুঢ়াগোহাঞিয়ে। স্মৃতি তৰ্পণ কৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্রীয় উপ-সভাপতি বিজয় কৃষ্ণ দত্তই। ইয়াৰ পাছত ফুল সাধনিদাৰ সোঁৱৰণি জ্যোতি সংগীত, বিষ্ণু সংগীত আৰু ভূপেন্দ্র সংগীত প্রতিযোগিতাৰ আয়োজন কৰা হয়। অনুষ্ঠানটো উদ্ধোধন কৰে শিৱসাগৰ জিলাৰ আৰক্ষী আধীক্ষক সুবোধ সোণোৱালে।
ইয়াৰ পাছত সৃষ্টিশীল প্রতিযোগিতাৰ আয়োজন কৰা হয়। বিভিন্ন বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলে অংশ লোৱা অনুষ্ঠানটোত বিভিন্ন গণ্য-মান্য ব্যক্তিৰ সমাৱেশ ঘটে।