
তেজপুৰঃ তেজপুৰৰ ডিপোটা মিলনপুৰতো নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ওলাই আহিল উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভা আৰু ডিপোটা মিলনপুৰ শাখা ছাত্ৰ সন্থা। দেওবাৰে সন্ধিয়া উত্তৰ-পশ্চিম তেজপুৰ সাহিত্য সভা আৰু ডিপোটা মিলনপুৰ শাখা ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত এক প্রতিবাদী জোঁৰ সমদল৷ এই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ডিপোটা শ্বহীদ বেদীত শ্ৰদ্ধঞ্জলি জনাই আৰাম্ভ কৰা জোঁৰ সমদল কৰি সাহিত্য সভা কাৰ্যালয় শতাব্দী ভৱন সামৰণি পেলাই অনুষ্ঠিত প্ৰতিবাদী সভা অঞ্চলটোৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।