
ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল আৰু ছয় জনগোষ্ঠী জনজাতিকৰণৰ দাবীত সমগ্ৰ অসমজুৰি হৈ থকা প্ৰবল প্ৰতিবাদৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱাতো বুধবাৰে পৰিলক্ষিত হ’ল এটাৰ পাছত এটাকৈ প্ৰতিবাদ৷
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বৃহত্তৰ চাবুৱা অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত পুৱা এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰি চাবুৱা চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে৷
ফলত শ শ যান-বাহন ঘাইপথতে আবদ্ধ হৈ পৰে৷ প্ৰতিবাদকাৰীসকলে ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’, ‘কেন্দ্ৰীয় চৰকাৰ হায় হায়’, ‘অসম চৰকাৰ হায় হায়’ আদি বিভিন্ন শ্ল’গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে৷
লগতে এসময়ত ‘জাতীয় নায়ক’ আখ্যা পোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকাকো চোকা ভাষাৰে সমালোচনা কৰে৷ অসম আৰু অসমীয়াৰ দুৰ্যোগৰ সময়ত এইজনা মুখ্যমন্ত্ৰীয়ে নীৰৱ ভূমিকা গ্ৰহণ কৰাটো জাতিটোৰ বাবে শুভ লক্ষণ নহয় বুলি প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে।
যিটো সময়ত বি জে পিয়ে হিন্দু-মুছলমানক লৈ নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে সেই সময়ত মুখ্যমন্ত্ৰীৰ চহৰত হোৱা প্ৰতিবাদত হিন্দু-মুছলমান সকলোৱে একত্ৰিত হৈ প্ৰতিবাদ কৰাটো আছিল তাৎপৰ্যপূৰ্ণ৷
আনহাতে আবেলি চাহ জনজাতি ছাত্ৰ সন্থাইয়ো জনজাতিকৰণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক বাতিলৰ দাবীত স্থানীয় টাটা ৰেফাৰেল হাস্পতালৰ সন্মুখত আধা ঘন্টাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে৷