গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধিয়েক বাতিলৰ দাবীত অ গ পই বৃহস্পতিবাৰে অনাশন কাৰ্যসূচী ৰূপায়ণ কৰে। 

ই অনাশন কাৰ্যসূচীত আংশগ্ৰহণ কৰে অ গ পৰ সভাপতি অতুল বৰা, প্ৰক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি দলৰ বিধায়ক তথা নেতাসকল। অ গ পৰ কৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন জনাই এই প্ৰতিবাদত আংশগ্ৰহণ কৰে সাংবাদিক অদীত ফুকন, মাইনী মহন্ত আদিকে ধৰি বিশিষ্ট লোকসকলে। সকলোৱে বিধেয়কখন বাতিল কৰাৰ দাবী উত্থাপন কৰে।